কৰ’নাত মৃতকৰ পৰিয়ালে ৩০ দিনৰ ভিতৰত লাভ কৰিব ৫০ হেজাৰ টকাৰ ক্ষতিপূৰণ,ন্যায়ালয়ৰ অনুমােদন

1616066711 supreme court 4

কৰ’না ভাইৰাছত আক্রান্ত হ’ল মৃত্যু হােৱা লােকৰ পৰিয়ালে ৫০ হেজাৰ টকাৰ ক্ষতিপূৰণ লাভ কৰিব। উচ্চতম ন্যায়ালয়ে কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা এই পদক্ষেপক অনুমােদন জনালে।

দেশৰ সর্বোচ্চ ন্যায়ালয়ে সোমবাৰে এই সন্দৰ্ভত সবিশেষ নীতি-নিদের্শনা ঘােষণা কৰে। আদালতে নিদের্শনাত কয় যে ক’ভিডত মৃত্যুবৰণ কৰা প্ৰতিজন লােকৰ আত্মীয়ক ৫০ হেজাৰ টকাৰ ক্ষতিপূৰণ চৰকাৰে যিকোনাে পৰিস্থিতিতে আদায় দিব লাগিব।

উচ্চতম ন্যায়ালয়ে নিদের্শনাটোত লগতে উল্লেখ কৰা অনুসৰি মৃতকৰ পৰিয়ালে প্রয়ােজনীয় নথিপত্র দাখিল কৰাৰ পৰা ৩০ দিনৰ ভিতৰত চৰকাৰে এই ধনৰাশি ক্ষতিপূৰণ হিচাপে আদায় দিব লাগিব।

Exit mobile version