চৰকাৰক জনজাতিকৰণৰ সময়সীমা বান্ধি দিলে আক্ৰাছুৱে

শীতকালীন অধিবেশনতে কোচৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবী

WhatsApp Image 2021 10 05 at 7.21.46 PM 2

কোচৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী, জনগোষ্ঠীটোক জনজাতিকৰণ আৰু পৃথক কামতাপুৰ ৰাজ্য পুনৰ উদ্ধাৰ কৰা । অতিশীঘ্ৰে এই দাবীসমূহ পূৰণ কৰাৰ সময়সীমা বান্ধি দিছে আক্ৰাছুৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক প্ৰদীপ ৰায়ে ।

শেহতীয়া এক সাক্ষাৎকাৰত প্ৰদীপ ৰায়ে কয় যে, অহা শীতকালীন অধিবেশনৰ আগতে কোচৰাবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ লগতে জনগোষ্ঠীটোৰ উত্তোৰনৰ বাবে গঠন কৰি দিয়া কেএচিখনকো পূৰ্ণাংগ ৰূপ দিব লাগে । লগতে অসম চৰকাৰে কোচৰাজবংশী জনগোষ্ঠীক কেএচি প্ৰদান কৰাত ধন্যবাদো জনাইছে চৰকাৰক ।

প্ৰদীপ ৰায়ে আৰু কয় যে, ১৯৯০ত আক্ৰাছু জন্মলাভ কৰি পৃথক কামতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবী দি আহিছে । এই দাবীৰ প্ৰথম ঢাপ হিচাপে কেএচি দিছে বুলিও উল্লেখ কৰে ।

Exit mobile version