Aryan Khan : বিটক‌ইন ব্যৱহাৰ কৰি ডাৰ্ক ৱেবৰ পৰা মাদক দ্ৰব্য ক্ৰয় কৰা হৈছিল আৰিয়নহঁতৰ বাবে

aryan khan detained

শাহৰুখ পুত্ৰক মাদক কাণ্ডত গ্ৰেপ্তাৰ কৰাৰ পাছত পিয়াঁজৰ বাকলি গোচোৱাৰ দৰে এটাৰ পাছত এটা ৰহস্য ফাদিল কৰিছে মাদক নিয়ন্ত্রক সংস্থা (নাৰক’টিক্স কন্ট্র’ল ব্যুৰ’ বা এনচিবি)য়ে । তদন্ত যিমানেই আগবাঢ়িছে, সিমানেই চাঞ্চল্যকৰ তথ্য লাভ কৰিছে এনচিবি-য়ে । তেওঁলোকে জনায় যে, কার্ডিলিয়া প্রমোদতৰীত শনিবাৰে নিশা যি মাদক দ্ৰব্য অনা হৈছিল, সেয়া ডার্ক ৱেব ব্যৱহাৰ কৰি কিনা হয় বিটক‌ইনৰ মাধ্যমত ।

সোমবাৰে শ্রেয়ছ নায়াৰ নামে এজন মাদক দ্ৰব্য ব্যৱসায়ীক গ্রেপ্তাৰ কৰে এনচিবি-য়ে । তদন্তকাৰীসকলৰ দাবী, ধৃত ব্যক্তিজনে জেৰাত জনাইছে প্রমোদতৰীত সেই নিশা ডার্ক ৱেব-ৰ জৰিয়তে মাদকৰ অৰ্ডাৰ শ
লাভ কৰিছিল । তাৰ বাবে তেওঁক কোনো নগদ ধন দিয়া হোৱা নাছিল । সম্পূৰ্ণ ধনৰাশি ক্রিপ্টোকাৰেন্সি ব্যৱহাৰ কৰি দিয়া হৈছিল । সেয়ে সন্দেহ আৰু দৃঢ় হৈছে এনচিবি-ৰ তদন্তকাৰীসকলৰ ।

প্রশ্ন উত্থাপন হৈছে, এইবাৰ মাদকৰ লেনদেন আৰু প্ৰাপ্যৰ প্রক্রিয়া ডাৰ্ক ৱেবত আৰম্ভ হৈছে নেকি, যাতে সহজে বিভিন্ন তদন্তকাৰী সংস্থাৰ পৰা হাত সাৰিব পাৰি ? শ্রেয়ছক জেৰা কৰি এই বিষয়ে জানিবলৈ চেষ্টা কৰা হৈছে বুলি এনচিবি সূত্রে খবৰ । ইতিমধ্যে এই ঘটনাত শাহৰুখ খানৰ পুত্ৰ আৰিয়নসহ আঠজনক গ্রেপ্তাৰ কৰিছে এনচিবি-য়ে । অহা সাত অক্টোবৰ পর্যন্ত তেওঁলোকক নিজৰ জিম্মাত ৰাখিব এনচিবি-য়ে ।

সেই পার্টিত আৰিয়নক কোনে আমন্ত্রণ জনাইছিল, তাৰ সন্ধান চলাইছে তদন্তকাৰীসকলে । লগতে, আৰিয়ন আৰু তেওঁৰ বন্ধুসকলৰ পৰা উদ্ধাৰ হোৱা মাদকৰ টকা কোনে দিছিল, তাৰো যোগসূত্রৰ সন্ধান চলাইছে তদন্তকাৰীসকলে । শনিবাৰে নিশা এনচিবি-য়ে প্রমোদতৰীত সন্ধান চলোৱাৰ সময়ত, আৰিয়নৰ লেন্স ৰখা বাকচৰ পৰা মাদক দ্ৰব্য উদ্ধাৰ হয় । ইয়াৰ উপৰি তেওঁৰ বান্ধৱীৰ ছেনিটেৰী পেড্ আৰু অন্তর্বাসৰ পৰাও মাদক দ্ৰব্য উদ্ধাৰ হয় ।

এনচিবি সূত্রে খবৰ, ছেনিটেৰী পেড্‌, ঔষধৰ বাকচ, কাপোৰ, অন্তর্বাসতো মাদক দ্ৰব্য ৰখা আছিল । সহজে যাতে মাদকৰ সন্ধান নাপায়, সেয়ে এইবোৰক এনে ঠাইত লুকাই ৰখা হৈছিল বুলি অনুমান কৰিছে তদন্তকাৰীসকলে ।

Exit mobile version