EMP Missile : ‘ব্লেক আউট বোমা’ প্ৰস্তুত কৰিলে চীনে ! চহৰৰ যোগাযোগ, বিদ্যুৎ ব্যৱস্থা ক্ষতি কৰিবলৈ সক্ষম

174770 291

ইলেকট্ৰ’মেগনেটিক পালছ ক্ষেপণাস্ত্র প্ৰস্তুত কৰিলে চীনে । শব্দতকৈ ছ গুণ অধিক গতিসম্পন্ন এই ক্ষেপণাস্ত্রৰ পাল্লা তিনি হেজাৰ ২০০ কিলোমিটাৰৰো অধিক বুলি দাবী কৰা হৈছে । ইয়াৰ উপৰি, এই ক্ষেপণাস্ত্র‌ৰ কোনো চহৰত ৰাসায়নিক বিস্ফোৰণ ঘটাই সেই চহৰৰ যোগাযোগ ব্যৱস্থা আৰু বিদ্যুৎ সৰবৰাহ স্তব্ধ কৰি দিয়াৰ ক্ষমতা আছে ।

বেইজিঙৰ একাডেমি অৱ লঞ্চ ভেহিকল টেকন’লজি-ৰ বিজ্ঞানীসকলৰ দাবী, এই ক্ষেপণাস্ত্রক এনেদৰে তৈয়াৰ কৰা হৈছে যে পহৰা দিবৰ বাবে মহাকাশত যি আর্লি ৱার্নিং ছিষ্টেম আছে সেই ব্যৱস্থাকো পাৰ কৰিব পাৰে । উল্লেখ্য যে, আমেৰিকা আৰু ৰাছিয়াৰ দৰে দেশবোৰে নিজৰ পহৰা দিয়া উপগ্রহৰ জৰিয়তে সমগ্ৰ বিশ্বত দৃষ্টি ৰাখে । ফলত পৃথিৱীৰ যিকোনো প্রান্তত কোনো ক্ষেপণাস্ত্র উৎক্ষেপণ হ’লে তাৰ নির্দিষ্ট সময় আৰু তথ্য তেওঁলোকে লাভ কৰে । ইয়াৰ জৰিয়তে তেওঁলোকে আন্দাজ কৰিব পাৰে যে সেই ক্ষেপণাস্ত্র‌ই ক’ত আঘাত হানিব । কিন্তু সেই ব্যৱস্থাও অতিক্ৰম কৰিব পাৰে বুলি দাবী কৰিছে বেইজিঙৰ এই সংস্থাৰ বিজ্ঞানীসকলে ।

কেনেদৰে কাম কৰে এই ক্ষেপণাস্ত্র‌ই ?

লক্ষ্যস্থলত উপস্থাপন কৰাৰ পাছত এই ক্ষেপণাস্ত্রৰ পৰা ৰাসায়নিক বিস্ফোৰণ হোৱা আৰম্ভ কৰে । ফ্লাক্স কমপ্রেচন জেনেৰেটৰৰ মাধ্যমত এটা শ্বক এনার্জি তৈয়াৰ হয় । যিয়ে ১০ ছেকেণ্ডৰ বাবে লক্ষ্যস্থলৰ বিভিন্ন যোগাযোগ ব্যৱস্থা আৰু বিদ্যুৎ সৰবৰাহ বন্ধ কৰি দিয়ে । য’ত এই ক্ষেপণাস্ত্র আক্ৰমণ হ’ব তাৰ দুই কিলোমিটাৰ অঞ্চলত সমস্ত যোগাযোগ ব্যৱস্থা স্তব্ধ হৈ যাব । তদুপৰি সেই অঞ্চলৰ সমস্ত বৈদ্যুতিক যন্ত্রপাতি ক্ষতিগ্রস্ত হ’ব ।

Exit mobile version