Mark Zuckerberg : ফেচবুক বিতৰ্ক, হোৱাটছ‌এপ্ অচল, ৬০০ কোটি ডলাৰৰ ক্ষতি জোকাৰবাৰ্গৰ

mark zuckerberg reuters 0

কিছু ঘণ্টাৰ ভিতৰতে বিপুল সম্পদৰ ক্ষতি হ’ল ফেচবুক-ৰ স্বত্বাধিকাৰী মার্ক জোকাৰবার্গৰ । বিগত কিছু ঘণ্টাত তেওঁৰ সম্পত্তিৰ পৰিমাণ কমিছে ছশ কোটি ডলাৰ । যি ভাৰতীয় মুদ্রাত প্রায় ৪৪ হেজাৰ ৭৩৪ কোটি টকা । সোমবাৰে নিশাৰ পৰা বিশ্বজুৰি ফেচবুক, হোৱাটছ‌এপ্ অচল আৰু সম্প্রতি এজন কর্মচাৰীয়ে (হুইছেলব্লোৱাৰ) ফেচবুকৰ নীতি সন্দৰ্ভত সমালোচনা কৰাৰ পাছত এই অর্থ কমিছে জোকাৰবার্গৰ ।

এই বিপুল পথিমাণ কমি জোকাৰবার্গৰ সম্পত্তি বর্তমান ১২ হেজাৰ ১৬০ কোটি ডলাৰ । কিন্তু এই সম্পদ হেৰুৱাই বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ পৰা নামি আহিল তেওঁৰ নাম । ব্লুমবার্গ বিলিয়নাৰ ইণ্ডেক্সৰ প্রকাশিত তালিকা অনুযায়ী, বিল গেটছৰ তলত নামি গৈছে তেওঁৰ নাম । পঞ্চম স্থানত ।

যোৱা ১৩ ছেপ্টেম্বৰৰ পৰা ৱাল ষ্ট্ৰিট জার্নেলত কে’বাটাও প্রতিবেদন প্রকাশিত হৈছে । সেই প্রতিবেদনত উত্থাপিত হৈছে ফেচবুকৰ নানা পণ্যত বিভিন্ন সমস্যাৰ বিষয়সমূহ । যেনে, ইনষ্টাগ্রামে কিশোৰীসকলৰ মানসিক স্বাস্থ্যৰ ওপৰত কেনে বিৰূপ প্রভাৱ পেলাইছে, বা জানুৱাৰীত ভাৰতৰ ৰাজধানী দিল্লীত সংঘৰ্ষ সম্পর্কে ভুল তথ্য দিয়া আৰু তথ্য গোপন কৰা । সেই প্রতিবেদনবোৰত লিখা হৈছে, নিজৰ সংস্থাৰ বিভিন্ন সেৱাৰ খাম-খেয়ালিৰ বিষয়ে অৱগত সত্ত্বেও আসোঁৱাহসমূহ শুধৰাবলৈ উদ্যোগী নহয় জোকাৰবার্গৰ সংস্থা ।

তেনে সময়তে সোমবাৰে নিশা ন বজাৰ পৰা বিশ্বজুৰি বন্ধ হৈ পৰে ফেচবুক, হোৱাটছপ্ আৰু ইনষ্টাগ্রাম । প্রায় সাত ঘণ্টা বন্ধ থকাৰ পাছত স্বাভাৱিক হৈছে সেৱা । ইয়াৰ পাছতেই জোকাৰবার্গৰ সম্পত্তিৰ ক্ষতি হয় ।

Exit mobile version