Indian Army : দক্ষিণ ছুদানত শান্তি প্ৰতিষ্ঠাত কৃতিত্ব, ৰাষ্ট্ৰসংঘৰ পদক ভাৰতীয় সেনাক

5caf1560 260b 11ec 9d0a 2107028cb826 1633459217348

দক্ষিণ ছুদানত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ সদস্য হিচাপে কৃতিত্বৰ নজিৰ ৰক্ষাৰ বাবে পুৰস্কৃত কৰা হ’ল ৮৩৬ জন ভাৰতীয় সেনাক । ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা মঙলবাৰে এই কথা জনোৱা হয় । দক্ষিণ ছুদানৰ আপাৰ নাইল প্রদেশৰ মলাক্কাল অঞ্চলৰ পৰা সম্প্রতি উভতি আহিছে এই ভাৰতীয় সেনাসকল ।

ছুদানৰ পৰা বিচ্ছিন্ন হৈ ২০১১ৰ ন জুলাইত স্বাধীন হৈছিল দক্ষিণ ছুদান । কিন্তু এতিয়াও সেই দেশৰ ১০খন প্রদেশৰ অধিকাংশতেই ছুদানৰ সহায়ত পুষ্ট সন্ত্ৰাসবাদীসকলৰ স’তে সংঘর্ষ চলি আছে দক্ষিণ ছুদান সেনাবাহিনীৰ । সেয়ে পৰিস্থিতি নিয়ন্ত্রণৰ বাবে বিগত এক দশক ধৰি ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষীসকলক মোতায়েন কৰি ৰখা হৈছে ।

বিগত এক দশকত একাধিকবাৰ দক্ষিণ ছুদানৰ বিদ্রোহীসকলৰ লক্ষ্য হৈছে ৰাষ্ট্ৰসংঘৰ ভাৰতীয় শান্তিৰক্ষীসকল । বহু কেইজন বিষয়া আৰু জোৱানৰ মৃত্যুও হৈছে । কিন্তু প্রতিকূল পৰিস্থিতিতো মলাক্কাল অঞ্চলত শান্তি ঘূৰাই আনিবলৈ সক্ষম হৈছে ভাৰতীয় বাহিনী । দক্ষিণ ছুদানৰ ভাৰতীয় ৰাষ্ট্রদূত বিষ্ণু শর্মাই মঙলবাৰে কয়, ‘‘ভাৰতীয় সেনাৰ এই কৃতিত্ব‌ই আমাক গর্বিত কৰিছে ।’’

দক্ষিণ ছুদানত ৰাষ্ট্ৰসংঘৰ ১৮,৩০০ শান্তিৰক্ষী মোতায়েন কৰা হৈছে । ইয়াৰ ভিতৰত ভাৰতীয় সেনাৰ সংখ্যা প্রায় ২,৪০০জন । দক্ষিণ ছুদানত মোতায়েন ভাৰতীয় বাহিনীৰ প্রধান লেফটেনেন্ট জেনেৰেল শৈলেশ তিনাইকৰে জনাইছে, তাত ৰাষ্ট্ৰসংঘ বাহিনীৰ ৭৩খন দেশৰ সেনা আৰু আৰক্ষী মোতায়েন আছে । ইয়াৰে সংখ্যাৰ হিচাপত ভাৰতীয় সেনাৰ অৱস্থান দ্বিতীয় ।

Exit mobile version