Nita Ambani : বিশ্বৰ আটাইতকৈ ব্যয়বহুল পানী খাই নীতা অম্বানীয়ে, মূল্য শুনিলে হতবাক হ’ব

methode sundaytimes prod web bin 34427254 5fda 11e6 beb0 462e4fc1b218

ৰিলায়েন্সৰ কৰ্ণধাৰ মুকেশ অম্বানীৰ পত্নী নীতা অম্বানীয়ে খোৱা পানীৰ মূল্য শুনিলে আপুনিও হতবাক হ’ব ।

দাবী কৰা হয় যে, নীতাই বিশ্বৰ আটাইতকৈ দামি পানী খায় । ৭৫০ মিলিলিটাৰ পানীৰ বটলৰ মূল্য প্রায় ৬০ হেজাৰ ডলাৰ । যি ভাৰতীয় মুদ্রাত ৪৪ লাখ টকাৰো অধিক ।

কিয় এই পানীৰ মূল্য ইমান সেই বিষয়েও কিছু জানি ল‌ওক । স্বাস্থ্যৱান হৈ থাকিবলৈ নীতাই যি পানী খায় তাৰ নাম ‘একোৱা দ্যি ক্রিষ্টেল’ ট্রিবিউটো আ মদিগ্লিয়ানি’। এইটো বিশ্বৰ আটাইতকৈ ব্যয়বহুল পানীৰ ভিতৰত অন্যতম । বটলবন্দী এই পানী ফ্রান্স আৰু ফিজিৰ পৰা আহে । দাবী কৰা হয়, এই পানীত স্বর্ণভস্ম মিশ্রিত হৈ আছে । পাঁচ গ্রাম স্বর্ণভস্ম থাকে ইয়াত । যি মানৱ দেহৰ বাবে অতি স্বাস্থ্যকৰ । সেই বাবেই এই পানীৰ দাম লাখ লাখ টকা ।

আৰু কাৰণ আছে । কেৱল নহয়, বটলৰ বাবেও এই পানীৰ দাম ইমান বেছি । ২০১০-ত ‘একোৱা দ্যি ক্রিষ্টিল’ ট্রিবিউটো আ মদিগ্লিয়ানি’ গিনিছ বুকত বিশ্বৰ আটাইতকৈ দামি পানীৰ বটল হিচাপে খ্যাতি পাইছে । বটলৰ শৈলী তৈয়াৰ কৰিছিল ফার্নান্দো আলতামিৰানোৱে । এই বটলক চামৰাৰ খাপত ২৪ কেৰেট সোণেৰে তৈয়াৰ কৰা হয় । এই ব্ৰেণ্ডৰ আটাইতকৈ সস্তা বটলৰ দাম ২২ হেজাৰ টকা ।

Exit mobile version