Soaking Lentils : ৰন্ধনৰ আগতে দালি তিয়াই নথয় ? জানক স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক

how to soak lentils soaking lentils benefits

● ৰন্ধনৰ আগতে দালি ধুই ল‌ওঁ ৷ কিন্তু কিমানে তিয়াই ৰাখে (Soaking Lentils) ? হয়তো খুবেই কম ৷ তৰকা, ৰাজমাহ বা চানা গোটেই নিশা তিয়াই ৰখা হয়, কাৰণ তিয়াই নথ’লে এইবোৰ নিসিজিব ৷ কিন্তু অন্যান্য দালি সহজেই সিজি যায়, সেয়ে তিওৱাৰ কথা আমি নাভাবো ৷
● আয়ুর্বেদ চিকিৎসকসকলৰ (Lentils must be soaked before cooking) মতে, দালি নিতিওৱাকৈ ৰান্ধিলে শৰীৰ ক্ষতি হয় ৷ তেওঁলোকৰ মতে, দালিত ফাইটিক এচিড আৰু অন্যান্য ৰাসায়নিক থাকে ৷ সেইবোৰৰ প্রভাৱত শৰীৰে খনিজ আৰু অন্য পুষ্টি গ্রহণ কৰিব নোৱাৰে ৷ দালি (Lentils) তিয়াই ৰাখিলে এই সমস্যা দূৰ হয় ৷
● দালি তিয়াই ৰাখিলে ইয়াৰ ভিতৰৰ জটিল ষ্টার্চবোৰ ভাঙি যায় ৷ ফলত দালি হজম কৰিবলৈও সুবিধা হয় ৷ বহুতে কয়, মুগুসহ বহু দালি হজম কৰিবলৈ সমস্যা হয় ৷ এইবাৰ তিয়াই ৰাখি ৰন্ধাৰ অভ্যাস কৰক ৷ এই সমস্যা কমি যাব ৷
● ৰহৰ, মগু দালি খালে বহুতৰে গেষ্ট্ৰিক আৰু বুকু জ্বলা-পুৰা সমস্যা হয় ৷ পেট ফুলে ৷ তেওঁলোকৰ ক্ষেত্রতো সমাধান হ’ল গোটেই নিশা দালি তিয়াই ৰাখি, তাৰ পাছত ৰন্ধা ৷
● গোটা মুচুৰ, মগু, ৰহৰ দালি ৰন্ধনৰ আগতে প্ৰায় আঠৰ পৰা ১২ ঘণ্টা তিয়াই ৰাখিব লাগে ৷ ভঙা দালি ছয়ৰ পৰা আঠ ঘণ্টা তিয়াই থ’ব লাগে ৷ ৰাজমাহ, চানা, চোলেৰ দৰে দালি অন্তত ১২ ৰং পৰা ১৮ ঘণ্টা তিয়াই থোৱা প্ৰয়োজন ৷
● তিয়াই থোৱা দালিৰ পানী পেলাই দিব নালাগে ৷ ই আমাৰ শৰীৰৰ বাবে উপকাৰী নহয় যদিও এই পানী গছৰ গুৰিত দিব পাৰি ৷ উদ্ভিদৰ বাবে এই পানী কিন্তু ক্ষতিকাৰক নহয় ৷

Exit mobile version