By Election : গোসাইগাঁও সমষ্টিত বিপিএফে প্ৰাৰ্থী প্ৰক্ষেপ কৰিলেও ইউপিপিএলৰ মনোনীত প্ৰাৰ্থী জিৰন বসুমাতাৰীয়ে জয় লাভ কৰিব : অৰূপ কুমাৰ দে

WhatsApp Image 2021 10 07 at 10.34.48 AM

অসম বিধানসভাৰ উপ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকলৰ তৎপৰতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । ইতিমধ্য নিৰ্বাচনী প্ৰচাৰত নামিছে শাসকীয় দলৰ ৰথী-মহাৰথীসকল । গোসাইগাঁও সমষ্টিৰ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি শাসকীয় দলৰ লগতে হাগ্ৰমা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দলৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া চলি থকাৰ সময়তে বিটিআৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ইএম তথা বিজেপিৰ কিষান মৰ্চাৰ ৰাজ্যিক উপসভাপতি অৰূপ কুমাৰ দেই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৰিছে ।

অসমৰ মুখ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ লগত বিপিএফ দলৰ মিত্ৰতা সন্দৰ্ভত আলোচনাৰ অন্তত সমাগত ৰাজ্যৰ উপনিৰ্বাচনত গোসাইগাঁও সমষ্টিত বিপিএফ দলে নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে যদিও ইউ পিপিএল দলৰ প্ৰাৰ্থী জিৰন বসুমাতাৰীয়ে এই সমষ্টিত জয় লাভ কৰিব ইয়াত বেলেগ দলৰ কোনো কাম নাই বুলি দাবী ইএম অৰূপ কুমাৰ দেৰ ।

উক্ত সাক্ষাৎকাৰতে বিটিআৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ইএম তথা বিজেপিৰ কিষান মৰ্চাৰ ৰাজ্যিক উপ সভাপতি অৰূপ কুমাৰ দেই কয়, ‘বিজেপি-ইউপিপিএলৰ মিত্ৰতাতে অসমত আৰু বিটিআৰত চৰকাৰ চলি আছে এই কথা সকলোৱে জানে ।’ ৰাইজেও বিজেপিক ভাল পায় সেইবাবে বিটিআৰত ইউপিপিএল দলৰ প্ৰাৰ্থীক ভোট প্ৰদান কৰিব আৰু গোসাইগাঁও সমষ্টিত জীৰন বসুমাতাৰী জয় লাভ কৰিব বুলিও দাবী কৰে ইএমজনে ।

Exit mobile version