By Election : ৩০ অক্টোবৰত পাঁচ সমষ্টিত উপ-নিৰ্বাচন : নীতিন খাড়ে

WhatsApp Image 2021 10 07 at 2.39.11 PM

● ৩০ অক্টোবৰত পাঁচ সমষ্টিত উপ-নিৰ্বাচন
● শুকুৰবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন
● ১১ অক্টোবৰত মনোনয়ন পৰীক্ষা মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১৬ অক্টোবৰ
● দুই নৱেম্বৰত ভোট গণনা
● সংবাদ মেলত ঘোষণা চিইঅ’ নীতিন খাড়েৰ
● ভবানীপুৰ, গোসাইগাঁও, তামুলপুৰ, থাওৰা, মৰিয়নী সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন
● ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ’ব পুৱা সাত বজাৰ পৰা
● নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰতো নীতি-নিৰ্দেশনা জাৰি
● মাস্ক পৰিধান কৰাটো বাধ্যতামূলক
● মনোনয়ন দাখিলৰ সময়ত তিনিজন ব্যক্তি থাকিব পাৰিব
● সমদল উলিয়াব নোৱাৰে প্ৰাৰ্থীয়ে
● মুকলি ঠাইৰ প্ৰচাৰত ৫০ শতাংশ লোকৰ সমাগমৰ অনুমতি
● খেলপথাৰৰ বহনক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিব এই বিষয়
● প্ৰতিজন প্ৰাৰ্থীয়ে দুটাকৈ ভেকচিন লোৱাটো বাধ্যতামূলক
● ক’ভিড বিধি মানি চলা বাধ্যতামূলক
● প’লি-প্ৰিজাইডিং বিষয়াসকলক ইতিপূৰ্বে ভেকচিন প্ৰদান কৰা হৈছে
● কাউণ্টিং এজেণ্টসকলৰ নমুনা সংগ্ৰহ কৰা হ’ব
● চেনিটাইজড কৰা হ’ব সকলো ভোটকেন্দ্ৰ-ভোটগণনা কেন্দ্ৰ
● ভোট গণনাৰ সময়তো বাধ্যতামূলক হ’ব ক’ভিড বিধি
● থাৰ্মেল স্কেনিং বাধ্যতামূলক হ’ব ভোট কেন্দ্ৰত
● ৰোড শ্ব’ৰ অনুমি নাই
● অনুমতি নাই মটৰ চাইকেল সমদলৰ
● ঘৰে ঘৰে চলোৱা প্ৰচাৰত কেৱল পাঁচজনৰ অনুমতি
● ৮০ বছৰ উৰ্ধৰ ব্যক্তিয়ে পাব পোষ্টেল ভোটৰ সুবিধা
● দিব্যাংগ-ক’ভিড আক্ৰান্তয়ো পাব এই সুবিধা
● ক’ভিড বিধি উলংঘা কৰা প্ৰাৰ্থীৰ মনোনয়ন বাতিল হ’ব
● ক’ভিড বিধি উলংঘা কৰিলে প্ৰচাৰৰ অনুমতি বাতিল হ’ব ষ্টাৰ কেম্পেনাইৰৰ
● প্ৰচাৰৰ সময় পুৱা ১০ বজাৰ পৰা সন্ধিয়া সাত বজালৈ
● সন্ধিয়া সাত বজাৰ পাছত প্ৰচাৰাভিযান বন্ধ
● উপ-নিৰ্বাচনতো স্থাপন হ’ব অতিৰিক্ত ভোটকেন্দ্ৰ
● এহেজাৰৰ অধিক ভোটাৰ থকা ভোটকেন্দ্ৰত থাকিব এই ব্যৱস্থা
● প্ৰচাৰৰ সময়ত ২০খন গাড়ী ব্যৱহাৰৰ অনুমতি
● সংশ্লিষ্ট বাহনত ৫০ শতাংশ যাত্ৰীৰ বাবেহে অনুমতি

Exit mobile version