Dhalpur Eviction : ভাইৰেল জ্বৰে গুৰুতৰ ৰূপ ধাৰণ কৰিছে ধলপুৰৰ উচ্ছেদিতৰ মাজত

IMG 20210921 WA0014 1024x768 1

দৰং জিলা প্ৰশাসনৰ শেহতীয়া উচ্ছেদ অভিযানে ধলপুৰৰ গঞাক আৰ্থিক আৰু মানসিকভাৱে জুৰুলা কৰাৰ পাছত শেহতীয়াভাৱে ভাইৰেল জ্বৰে তীব্ৰ ৰূপ ধাৰণ কৰাত আতংকিত হৈ পৰিছে উচ্ছেদিত লোকসকল । উচ্ছেদৰ দিন ধৰি আজিকোপতি ধলপুৰৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰৰ সুঁতিৰ সিপাৰৰ ভেটিৰ বজাৰ নামে এঠাইত আশ্ৰয় লৈ থকা লোকসকলৰ মাজত এতিয়া জ্বৰ, কাহ, চৰ্দিয়ে বনজুই বিয়পাদি বিয়পিছে । শিশু, বৃদ্ধ, পুৰুষ-মহিলা কোনোৱে সাৰি যাব পৰা নাই । পৰিতাপৰ কথা, এনে জটিল পৰিৱেশৰ সময়তো উচ্ছেদিত লোকসকলে সুঁতি পাৰ কৰি ঔষধ আনিবলৈ ছিপাঝাৰলৈ ওলাই যাবলৈ বাট বিচাৰি পোৱা নাই ।

ধলপুৰৰ উচ্ছেদিত ম‌ইনুদ্দিনে এই সম্পৰ্কত ‘দৈনিক অগ্ৰদূত’ক কয়, ‘ভেটিৰ বজাৰত থকা প্ৰায়ভাগ মানুহৰে এতিয়া জ্বৰ, কাহ, চাৰ্দি । ঔষধ আনিবলৈ যাব পৰা নাই । পাকস্থলীত এতিয়া পূৰ্ণগতিত শস্য সিঁচা কাম চলি আছে । গতিকে আমাক সুঁতি পাৰ কৰিবলৈ দিয়া নাই । গ’লেই প্ৰকল্পৰ কৰ্মচাৰীয়ে মাৰপিট কৰে । গতিকে আমি ভয়তে বেমাৰী গাৰে ইয়াতে আবদ্ধ হৈ আছো ।’ তেওঁৰ ওচৰতে মুকলি আকাশৰ তলত বাস কৰা মিৰ ছালাম কয়, ‘প্ৰকল্পৰ কৰ্মচাৰী আৰু নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী জোৱানে চিকিৎসাকৰ্মীকো ভেটিৰ বজাৰলৈ আহিব দিয়া নাই । বহু বাধা দিয়া স্বত্ত্বেও মঙলবাৰে বাধ্যতামূলক কৰ্তব্যৰ খাতিৰত অহা নাৰ্ছ দুগৰাকীয়ে অতি কম সময়ৰ বাবে মাত্ৰ দুই-তিনিটা কেঁচুৱাৰ তেজৰ নমুনা সংগ্ৰহ কৰি গুচি যাবলৈ বাধ্য হ’ল । কোনো ঔষধ যোগান ধৰা নাই আৰু আশ্ৰয়হীন হৈ থকা মানুহখিনিৰ সামগ্ৰিক পৰিৱেশটোও বুজিবলৈ সুযোগ নাপালে ।’

তিনিটা ল’ৰা-ছোৱালীৰ মাক হালিমা খাতুনে কয়, ‘শিবিৰত থকা সকলো কেঁচুৱা এতিয়া বেমাৰত পৰিছে । কেঁচুৱাৰ পেট ফুলিছে । কি কাৰণে হৈছে নাজানো । ৰ’দ দিলে প্ৰচণ্ড গৰম । বৰষুণ দিলে তিতিব লাগে । তিতা কাপোৰেৰে দিন-ৰাতি কটাবলগীয়া হৈছে । নদীৰ পৰা ঘোলা পানী সংগ্ৰহ কৰি সৰু-ডাঙৰ সকলোৱে খাই জীয়াই থাকিবলগীয়া হৈছে । মাছ, মাংস, তেল, দাইল, শাক-পাচলি দূৰৰে কথা চাউল এমুঠি যোগাৰ কৰিও ল’ৰা ছোৱালীক খুৱাব পৰা নাই । আমাকো চিকিৎসকৰ ওচৰত যাবলৈ দিয়া নাই, চিকিৎসককো আমাৰ ওচৰত আহিবলৈ দিয়া নাই ।’

উল্লেখ্য যে যোৱা ২০ আৰু ২৩ ছেপ্টেম্বৰৰ উচ্ছেদ অভিযানৰ পৰৱৰ্তী সময়ত সমগ্ৰ ধলপুৰৰ বেদখলমুক্ত ভূমি প্ৰকল্পৰ কৃষিকৰ্মৰ বাবে ট্ৰেক্টৰৰে চহাই দিয়া হয় । ফলত পূৰ্বে স্থানীয় গঞাই ব্যৱহাৰ কৰা বাট-পথসমূহৰ কোনো চিন-মোকাম নাইকীয়া হ’ল । তাৰ উপৰি জিলা প্ৰশাসনৰ উচ্ছেদ কাৰ্য সম্পূৰ্ণ হোৱাৰ লগে লগে প্ৰকল্পস্থলীৰ যাতায়াতৰ সুবিধাৰ্থে বৰ্তমান মলোৱাঘাটত বাঁহৰ সাঁকো নিৰ্মাণ কৰি উলিওৱা হৈছে । উচ্ছেদিত লোকৰ অভিযোগ যে সদ্য নিৰ্মিত বাঁহৰ সাঁকোৰে অহা-যোৱাত কেৱল জিলা প্ৰশাসন আৰু প্ৰকল্পৰ কৰ্মচাৰী আৰু নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী জোৱানৰ-বাবেহে অনুমতি আছে ।

ভেটিৰ বজাৰত আশ্ৰয় লৈ থকা আৰিফ শ্বেইখে কয়, মালোৱা ঘাট আৰু ঘাটৰ ওপৰত নিৰ্মাণ কৰা সাঁকো কেৱল প্ৰকল্পৰ বাবে । পূৰ্বে গৰুখুঁটিলৈ যাবলৈ মাথোঁ তিনি কিলোমিটাৰ বাট আছিল । এতিয়া ভেটিৰ বজাৰৰ পশ্চিম দিশত থকা কোৱাৰ ঘাট হৈ কিছু কিছুৱে অহা-যোৱা কৰা দেখিছো । কোৱাৰ ঘাট হৈ গৰুখুঁটিলৈ যাবলৈ হ’লে এতিয়া ১৭-১৮ কিলোমিটাৰ বাট । উচ্ছেদৰ সময়ত আমাৰ চাইকেল, বাইক প্ৰায় জ্বলি নিঃশেষ হ’ল । গতিকে এতিয়া কোৱাৰ ঘাট হৈ খোজকাঢ়ি গ’লেও আধা দিনৰ বাট । লাগিলে দিনটোৱেই লাগক । এতিয়া আমাৰ মূল সমস্যাটো হ’ল, গৰুখুঁটিলৈ ওলাই যাবলৈ ভয় । আমাক দেখিলে কোনে ক’ত ধৰি মাৰে-পিটে !’

আজমল ফাউণ্ডেছনে কিছুদিন পূৰ্বে উচ্ছেদিত লোকসকলৰ সহায়ক হোৱাকৈ দুশ দমকল যোগান ধৰিছিল যদিও ভেটিৰ বজাৰখন ইতিপূৰ্বে আন লোকৰ দখলত থকা হেতুকে পূৰ্বৰে পৰা বাসিন্দাসকলে দমকল বহুওৱাৰ ক্ষেত্ৰতো বাধাদান কৰি আহিছে । আন এজন উচ্ছেদিত জালালউদ্দিনে কয়, ‘আমাৰ অৱস্থা দেখি ভেটিৰ বজাৰৰ স্থানীয় বাসিন্দাই অস্থায়ীভাৱে আশ্ৰয় ল’বলৈহে অনুমতি দিছে । চৰকাৰে আমাক আবণ্টন দিয়া নাই যিহেতুকে স্থানীয় মানুহে নিজৰ খেতি নষ্ট হোৱাৰ আশংকাত আমাক স্থায়ীভাৱে ভেটিৰ বজাৰত একোৱেই নিৰ্মাণ অথবা স্থাপন কৰিবলৈ দিয়া নাই ।’

তাত ঘৰৰ খুঁটা পুতিবলৈ নিদিয়া হেতুকে এজাক বতাহতে উৰি যোৱাৰ ফলতো উচ্ছেদিত লোকসকলে চৰম যন্ত্ৰণা ভুগিবলগীয়া হৈছে । ইংৰাজী আখৰ ‘ভি’ আকৃতিৰে বেৰা দি অথবা টিনপাত আউজাই থাকিবলগীয়া হোৱা বাবেও ৰ’দ-বৰষুণ কোনোটোৰ পৰা মানুহখিনিয়ে সাৰি যাব পৰা নাই । তাৰ উপৰ দিনৰ বেলা ওখ ঠাইত আশ্ৰয় ল’লেও নিশা বৰষুণ আহিলে ঘৰবোৰৰ মাজত পানী বৈ অহাত গুৰুতৰ সমস্যাৰ সৃষ্টি কৰি আহিছে ।

Exit mobile version