চাপত ৰাখি কৰ্মচাৰীক কমত খটুৱালে সেৱা পোৱা নাযাবঃ বাসৱ কলিতা

শিক্ষকসকলক চাপত ৰাখিলে শিক্ষাৰ্থীৰ যথেষ্ট ক্ষতি হ'ব

ওদালগুৰি আঞ্চলিক আৰু জিলা কৰ্মচাৰী পৰিষদৰ দ্বি-বাৰ্ষিক অধিৱেশনখনি কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ওদালগুৰিৰ সমৱায়সমূহৰ জিলা উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হৈ যায় । কাৰ্যসূচী অনুসৰি সাত অক্টোবৰৰ পুৱা ১০ বজাত ওদালগুৰি আঞ্চলিক কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধি আৰু বিষয় বাচনি সভা অনুষ্ঠিত হৈ যায় । ইফালে, আজি দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱা আঠ বজাত পতাকা উত্তোলন কৰে ওদালগুৰি জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি শান্তিৰাম শৰ্মাই, পুৱা ন বজাত স্মৃতি তৰ্পন কাৰ্যসূচী মুকলি কৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সাংগঠনিক সম্পাদক দণ্ডী কুমাৰ বড়োৱে । ৯-৩০ বজাত প্ৰতিনিধিৰ নাম পঞ্জীয়নৰ লগতে ১০ বজাত অনুষ্ঠিত জিলা প্ৰতিনিধি সভা উদ্বোধন কৰে ওদালগুৰি জিলা সমৱায়সমূহৰ জিলা উপ-পঞ্জীয়ক ৰাজদ্বীপ নাথে ।

সভাত শান্তিৰাম শৰ্মাক সভাপতি আৰু প্ৰতাপ ভট্টাচাৰ্যক সাধাৰণ সম্পাদক হিচাপে লৈ জিলা সমিতিখন গঠন কৰা হয় । ইয়াৰ পাছত বিয়লি প্ৰায় তিনি বজাত অধিৱেশনৰ মুকলি সভা অনুষ্ঠিত হয় । সভাখন উদ্বোধন কৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ দত্ত‌ই নিজৰ ভাষণ প্ৰসংগত কয়, “চৰকাৰী চাকৰিয়ালসকলে কৰ্ম সংস্কৃতি সৱল কৰিব লাগিব । আমি প্ৰত্যেকজনেই চাকৰিৰ শেষত পুনৰ আগৰ সমাজলৈ উভতি যাব লাগিব । ৰাজ্যখনৰ উন্নয়নৰ বাবে কৰ্মচাৰীসকলৰ যথেষ্ট কৰণীয় আছে । বৰ্তমান চৰকাৰৰ দিনত গন্দাই গন্দাই কৰ্মচাৰী জেললৈ যাবলগীয়া হৈছে । আমাৰ মাজত দুই এগৰাকী দুৰ্নীতিগ্ৰস্থ কৰ্মচাৰী আছে । কিন্তু সকলো কৰ্মচাৰীয়ে দুৰ্নীতিৰ বোকাত পোত যোৱা বুলিলে ভুল কোৱা হ’ব। কৰ্মচাৰীসকলৰ সংস্কাৰৰ যথেষ্ট প্ৰয়োজন আছে । চৰকাৰে সুৰুঙাবোৰ চাই ইয়াক ঠিক কৰাৰ ব্যৱস্থা কৰিব লাগে । জেওৰা দুৰ্বল হ’লে আপোনাৰ খেতিত আনে সোমাব‌ই।”

তেওঁ ৰাজ্যৰ সমূহ কৰ্মচাৰীকে সৎ কৰ্মসংস্কৃতিৰে কাম কৰি যাবলৈ আহ্বান জনায় । ইফালে মুকলি সভাখনৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰসংগত সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসৱ চন্দ্ৰ কলিতাই কয়, “কৰ্মচাৰী পৰিষদে কেৱল দৰমহাৰ বাবে আন্দোলন নকৰে, নিজৰ প্ৰাপ্য আদায়ৰ বাবেহে আন্দোলন কৰিবলৈ বাধ্য‌‌ হয় । আজি কৰ্মচাৰীৰ গাত চেকা লাগিছে । মাত্ৰ কেইজনমান দুৰ্নীতি পৰায়ন কৰ্মচাৰীৰ বাবে কৰ্মচাৰী সমাজ আজি লজ্জানত । আমি প্ৰত্যাহ্বান জনাও এতিয়াও ৰাজ্যত অধিক সংখ্যক সৎ কৰ্মচাৰী আছে । বৰ্তমান এদিনতে চৰকাৰে শ শ দালাল গ্ৰেপ্তাৰ কৰিছে । চৰকাৰে কাৰ ছত্ৰছায়াত এনে দালালৰাজ চলি আছে তদন্ত কৰিব লাগিব। এই দাদালৰাজৰ শিপাদালৰ লগত ৰজনৈতিক ব্যক্তি জড়িত আছে নেকি সেয়া চাব লাগিব । সমাজৰ অধিক সংখ্যক লোক দুৰ্নীতিত জড়িত বাবে ইয়াক নিৰ্মূল কৰাত অসুবিধা হৈছে । উৎসত দালালৰাজ বন্ধ কৰিলেহে ৰাজ্যত দালালৰাজ বন্ধ হ’ব । আমি অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক বিনামূলীয়া চিকিৎসা সেৱাৰ দাবী কৰিছিলো । চৰকাৰে এক ফেব্ৰুৱাৰী ২০২১ৰ পৰা সকলো কৰ্মচাৰীৰ বাবে এই সেৱা প্ৰদানৰ আশ্বাস দিছিল । কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ স্বাস্থমন্ত্ৰীয়ে দিয়া এই আশ্বাস কাৰ্যত পৰিণত নহ’ল । বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই সমস্যা সমাধানৰ আশ্বাস বৰ্তমানেও প্ৰদান কৰিছে । গতিকে আমি তেওঁৰ আশ্বাস কাৰ্যত পৰিণত হোৱালৈ বাট চাই আছো ।

ৰাজ্য চৰকাৰখনে কৰ্মচাৰীসকলৰ ওপৰত চাপ বৃদ্ধি কৰি কাম আদায় কৰাৰ চেষ্টা কৰিছে । শিক্ষকসকলক বিদ্যালয়ত উপস্থিতিৰ নামত এনড্ৰ‌ইড এপ্লিকেচন ব্যৱহাৰেৰে উপস্থিতিৰ পদ্ধতি মানি লোৱা নহ’ব । চৰকাৰে শিক্ষাগুৰুক বাধ্য কৰিব নোৱাৰে। এনে চাপৰ জৰিয়তে শিক্ষকক মানসিক কষ্ট দিলে শিক্ষাৰ্থীৰ যথেষ্ট ক্ষতি হ’ব । চৰ, দুৰ্গম অঞ্চলৰ শিক্ষকৰ কথা চৰকাৰে ভাবিব লাগিব । তেনে অঞ্চলসমূহত নেটৱৰ্ককে ধৰি শিক্ষসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে । গতিকে তেনে অৱস্থাত শিক্ষকসকলৰ ওপৰত মানসিক চাপ প্ৰদান কৰাটো উচিত নহয় । চৰকাৰে পুৰণি পেঞ্চন নীতি বাহাল নাৰাখি চৰকাৰী চাকৰিয়ালক অৱসৰৰ পাছত বিপদত পেলাব বিচাৰিছে । চৰকাৰী কৰ্মচাৰীক চাপত ৰাখি কাম কৰাব বিচাৰিছে চৰকাৰে । যাৰ বাবে বিবেক দাস নামৰ চৰকাৰী চাকৰিয়ালজনে কামৰ চাপত আত্মহত্যা কৰিবলৈ বাধ্য হৈছে । ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আহ্বান যাতে ৰাজ্যত কৰ্ম সংস্কৃতিৰ নামত কৰ্মচাৰীক ভৃত্যৰ দৰে নাৰাখি মুকলি পৰিৱেশত কৰ্মনীতি তৈয়াৰ কৰক‌। তেতিয়াহে ৰাজ্যৰ উন্নয়ন হ’ব । অন্যথা কৰ্মচাৰীৰ পৰা উচিত সেৱা লাভৰ পৰা বঞ্চিত হ’ব ৰাজ্য ।”

বিটিআৰ চৰকাৰে যাতে অঞ্চলটোত সম উন্নয়ন সম বিকাশৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে আহ্বান জনায় কলিতাই । আজিৰ এই মুকলি সভাত উপস্থিত থাকে সংগঠনটোৰ সম্পাদক প্ৰধান শ্যামন্ত দাস, উপসভাপতি দ্বিপেন শৰ্মা, সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি আয়ূব আলি আহমেদ, ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুস্পধৰ বাস্তৱাকে ধৰি ওদালগুৰি জিলাৰ বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়া-কৰ্মচাৰী ।

Exit mobile version