APCC : সাংসদ প্ৰদ্যুৎ বৰদলৈৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ

উত্তৰ-পূৰ্বাঞ্চলত পাম খেতিক লৈ শংকা প্ৰকাশ

WhatsApp Image 2021 10 08 at 5.36.27 PM

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত বিস্তৃতভাৱে পামতেল গছৰ খেতি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক ব্যৱসায়ীক লোৱা পৰিকল্পনাৰ বিৰোধীতা কৰি অসমৰ লোকসভাৰ সাংসদ প্রদ্যুত বৰদলৈয়ে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীলৈ আজি এখন পত্ৰ প্রেৰণ কৰিছে । চৰকাৰৰ নেচনেল মিছন অন এডিবল অৱ অ‌ইল পাম (এন এম ই অ’-অ’পি) অভিযান সম্পর্কে শংকা প্রকাশ কৰি অহা সচেতন উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণ আৰু প্ৰকৃতিপ্রেমী ব্যক্তিৰ কণ্ঠক চৰকাৰে উপেক্ষা কৰিছে । খাদ্য ব্যৱহার্য তেল আমদানিৰ পৰিমাণ হ্ৰাস কৰিবলৈ চৰকাৰে লোৱা কাৰ্যসূচী গ্রহণযোগ্য যদিও উত্তৰ-পূৰ্বাঞ্চলৰ ভৰপূৰ জৈৱ বৈচিত্র্য তথা পৰিৱেশক ধ্বংসৰ মুখলৈ ঠেলি দি পামতেল গছৰ খেতি কৰাটো একেবাৰে উচিত নহয় । বিশেষজ্ঞসকলে জানিবলৈ দিয়া মতে, প্রাথমিক পৰ্যায়ত উপাৰ্জনৰ ক্ষেত্ৰত এয়া এক ফলপ্রসূ হ্ৰস্বম্যাদী পৰিকল্পনা হিচাপে পৰিগণিত হ’ব পাৰে যদিও পৰৱৰ্তী পৰ্যায়ত দীর্ঘম্যাদী পৰিকল্পনাৰ ক্ষেত্ৰত ই এক বহনক্ষম পৰিকল্পনা হিচাপে পৰিগণিত নহ’ব ।

দক্ষিণ এছিয়াৰ ভালেমান দেশ যেনে মালেছিয়া আৰু ইণ্ডোনেছিয়াত কেৱল পাম খেতি (ম’ন’কালচাৰেল) কৰোতে প্রয়োজনীয় ৰাসায়নিক দ্রব্য ব্যৱহাৰৰ ফলত তাৰ জৈৱ-বৈচিত্ৰ্যৰ বিষম ক্ষতি, পানী যোগান হ্রাস, মাটিৰ উৰ্বৰতা হ্ৰাস আদি বিভিন্ন প্রলয়ংকাৰী প্ৰভাৱে এতিয়া দেখা দিছে । গৱেষণা অনুসৰি, উক্ত দেশসমূহত বিগত ২০ বছৰত দেখা গ’ল যে পাম খেতিৰ গছ বিলাকে নিৰ্গত কাৰ্বন ধৰি নাৰাখি জলবায়ুত মেলি দিয়ে (৫০-৯০ শতাংশ কাৰ্বনৰ পৰিমাণ) ফলত জলবায়ু পৰিৱৰ্তনত পাম খেতিয়ে এতিয়া মুখ্য ভূমিকা পালন কৰিছে । এনেবোৰ কাৰণৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ আৰম্ভণিতে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰী লংকাইয়ো পাম খেতি বন্ধ কৰাৰ লগতে পাম অইলৰ ৰপ্তানিৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে ।

পাম খেতি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে একেবাৰে নতুন নহয় যদিও আমাৰ অঞ্চলত বিস্তৃতভাৱে এই খেতি কৰিলে, ইয়াৰ দ্বাৰা আমাৰ জলবায়ু আৰু জৈৱ-বৈচিত্ৰ্যতাৰ ওপৰত কেনে প্ৰভাৱ পৰিব তাক বিজ্ঞানসন্মতভাৱে নিৰ্ধাৰণ কৰাটো অতি দৰকাৰ । প্রস্তাৱিত এই কৃষি কাৰ্যৰ বাবে কেৱল বন ধ্বংস কার্যতেই গুৰুত্ব প্রদান নকৰি উত্তৰ-পূৰ্বাঞ্চলত মাটিৰ মালিকীস্বত্বকলৈ এক সামাজিক গুৰুত্ব থকাৰ পৰিপ্ৰেক্ষিতত এনেবোৰ আর্থ-সামাজিক বিষয়তো মনযোগ প্রদান কৰাটো প্রয়োজনীয় । আনহাতে, পাম খেতিত যথেষ্ট পৰিমাণে পানীৰ প্ৰয়োজন হোৱাৰ পৰিপ্ৰেক্ষিতত ভূ-পৃষ্ঠৰ পানীৰ পৰিমাণ যথেষ্ট পৰিমাণে হ্রাস হৈ অঞ্চলটোৰ উদ্ভিদ-প্রাণীকূলত বিৰূপ প্রভাৱ পেলাব পাৰে । তেনে স্থলত অসমৰ চহকী জৈৱ-বৈচিত্র্যত এই খেতিয়ে যে নেতিবাচক প্রভাৱ পেলাব, সেয়া ধুৰূপ ।

অঞ্চলটোৰ অৰণ্যৰ ভূমিক পামখেতি প্ৰতিষ্ঠাপন কৰাৰ পাছত তাত বসবাস কৰা বন্যপ্ৰাণীৰ বাবে প্ৰাণৰ সংশয় সৃষ্টি কৰি মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ সম্ভাৱনা নিশ্চিতভাৱে বৃদ্ধি পাব । ইতিমধ্যে ব্যাপক পৰিসৰত ৰাজ্যত বনধ্বংস কৰি কৰা চাহ খেতিয়ে অঞ্চলটোৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । আনহাতে, এই খেতিয়ে বায়ুমণ্ডলৰ সেউজ গৃহ গেছৰ নিৰ্গমনটো নেতিবাচক প্রভাৱ পেলাব । আনহাতে, অর্থনৈতিকভাৱে পিছপৰা ৰাজ্যৰ খেতিয়কৰ বাবে অর্থনৈতিক দিশৰ পৰাও এই খেতি মুঠেও সম্ভৱপৰ নহয় । পূর্বেও ১৯৮০ত বৃহৎ সংখ্যক তৈল-খেজুৰৰ খেতিৰ প্ৰস্তাৱ “পাৰিস্থিতিক দুর্যোগৰ” সম্ভাৱনা থকাৰ বাবে নাকচ কৰা হৈছিল ।

এই পৰিপ্ৰেক্ষিতত অসমৰ লোকসভাৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে এই তৈল-খেজুৰৰ খেতিৰ ব্যৱসায়িক প্ৰকল্পৰ তীব্ৰ বিৰোধিতা কৰে আৰু প্ৰধানমন্ত্ৰীৰ ওচৰত আহ্বান জনাই যে অঞ্চলটোৰ প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি ভাবুকি সৃষ্টি কৰা এই বিষয়টোক প্রধানমন্ত্রীয়ে যেন গুৰুত্ব সহকাৰে লয় । সাংসদগৰাকীয়ে চিঠিখনত কয়, “যিহেতু কৃষিখণ্ডৰ উন্নতি অবিহনে দেশৰ প্ৰগতিৰ কথা ভাবিব নোৱাৰো, তাৰ বিকল্প হিচাপে অন্য এক বহনক্ষম প্রকল্প আমি হাতত ল’ব লাগিব, যিয়ে আমাৰ পৰিৱেশতন্ত্রক বচাই ৰাখিব । মই এইটোৱেই আশা কৰো যে কেৱল বাণিজ্যিক দিশটোক লক্ষ্য কৰি আগনাবাঢ়ি, আপোনালোকে দেশৰ অর্থনীতি আৰু পৰিৱেশতন্ত্ৰ দুয়োটাৰ প্রতি গুৰুত্ব প্ৰদান কৰি আগবাঢ়ি যাওক ।

Exit mobile version