Diwali : এইবাৰো দীপাৱলীত আতচবাজীত নিষেধাজ্ঞা বাহাল উচ্চতম ন্যায়ালয়ৰ

Diwali firecrackers

এইবাৰো দীপাৱলীত আতচবাজী কৰাৰ বাবে অনুমতি নিদিলে উচ্চতম ন্যায়ালয়ে । দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে স্পষ্টভাৱে কয় যে মানুহৰ জীৱনক বিপদাপন্ন কৰি কোনো উৎসৱ পালনৰ অনুমতি দিব নোৱাৰি ।

উল্লেখ্য যে আতচবাজীৰ ওপৰত পূৰ্বে আৰোপ কৰা নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনাই আতচবাজী প্ৰস্তুতকাৰকে দেশৰ সৰ্বোচ্চ আদালতৰ দ্বাৰস্থ হৈছিল ।

এই গোচৰৰ ৰায় দি ন্যায়াধীশ এম আৰ শ্বাহ আৰু এ এছ ব’পন্নাৰ বিচাৰপীঠে কয়, ‘ফটকা ফুটাই শব্দ আৰু বায়ু প্ৰদূষণৰ মাধ্যমৰে উৎসৱ পালন কৰিব পাৰো । আমি উৎসৱ উদ্‌যাপনৰ বিৰোধী নহয় । কিন্তু আমি আনৰ জীৱনৰ মূল্য আদায়ৰে উৎসৱ পালন কৰিব নোৱাৰো ।’

Exit mobile version