ক’ভিশ্বিল্ড গ্রহণকাৰী ভাৰতীয়ই ব্রিটেইনত নিভৃতবাসত থাকিব নালাগিব

file 20200330 146683 1cvrccs

ভাৰতৰ হেঁচাত কোৱাৰেন্টাইন অর্থাৎ নিভৃতবাসৰ নিয়ম শিথিল কৰিলে ব্রিটেইনে। কৰ’না প্ৰতিৰােধী ক’ভিশ্বিল্ড প্রতিষেধকৰ দুপালি গ্ৰহণ কৰা ভাৰতীয়সকলে এতিয়াৰে পৰা ব্রিটেইনলৈ গলে নিভৃতবাসত থাকিব নালাগিব।

এই কথা সদৰী কৰিলে ভাৰতত নিযুক্ত ব্রিটিছ ৰাষ্ট্রদূত এলেক্স এলিছে। ১১ অক্টোবৰ অর্থাৎ অহা সপ্তাহৰ পৰা এই নতুন নিয়ম প্ৰৱর্তিত হ’ব।

উল্লেখ্য যে কৰ’নাৰ প্রতিষেধক ক’ভিশ্বিল্ডক বিশ্ব স্বাস্থ্য সংস্থা (হু)ই স্বীকৃতি দিলেও ব্রিটেইনসহ ইউৰােপৰ কে’বাখনাে দেশে এই প্রতিষেধক গ্রহণ কৰা ভাৰতীয়ৰ ক্ষেত্ৰত নিভৃতবাস বাধ্যতামূলক ঘােষণা কৰিছিল।

Exit mobile version