বিশেসজ্ঞৰ দাবী :কৰ’নাৰ কাৰণত নহয়, ক্ষমতা হেৰুওৱাৰ শংকাতহে জিংপিঙে বিদেশ ভ্ৰমণৰ পৰা আঁতৰি আছে

ডেৰ বছৰ ধৰি চীনতে আবদ্ধ ৰাষ্ট্ৰপতি জিনপিং:কিন্তু কিয় ?

Xi jingping 20170818 600 855 571 855

২০১৯ বৰ্ষৰ অন্তিমভাগত বিশ্বত কৰ’না ভাইৰাছৰ প্রথম সংক্রমণ আৰম্ভ হৈছিল চীন। চীনত আৰম্ভ হােৱা এই মাৰাত্মক ভাইৰাছৰ সংক্রমণে সমগ্র বিশ্ববাসীকে ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলৈ বাধ্য কৰাইছিল।

কৰ’নাৰ সংক্রমণ বাঢ়িবলৈ ধৰাত প্ৰায়বােৰ দেশে সীমান্ত বন্ধ কৰাৰ লগতে আন্তর্জাতিক বিমানৰ সেৱাও বন্ধ কৰিবলৈ বাধ্য হৈছিল।

কিন্তু এতিয়া বিশ্বৰ প্ৰায়বােৰ দেশে ক’ভিড বিধি শিথিল কৰিছে। ৰাষ্ট্রনেতাসকলেও বিদেশ ভ্রমণ পুনৰ আৰম্ভ কৰিছে। কিন্তু এতিয়াও নিজকে দেশবন্দী কৰি ৰাখিছে চীনৰ ৰাষ্ট্রপতি জি জিনপিঙে।

কৰ’না ভাইৰাছৰ সংক্রমণ ধৰা পৰাৰ পাছৰে পৰা বিগত ডেৰ বছৰৰাে অধিক দিন জিনপিঙে চীনৰ বাহিৰলৈ ওলােৱা নাই। চীনৰ উহানত ২০১৯ অন্তিমভাগত প্রথমজন ক’ভিড ৰােগীক চিনাক্ত কৰা হৈছিল।

এই ঘটনাৰ পাছতে জিনপিঙে বিদেশ ভ্রমণ বন্ধ কৰিছিল। জিনপিঙে অন্তিমবাৰ বিদেশ যাত্রা কৰিছিল। ২০২০ৰ ১৭-১৮ জানুৱাৰীত ম্যানমাৰলৈ।

ইয়াৰ পাছৰে পৰা বর্তমানলৈকে প্রায় দুবছৰ জিনপিঙে বিদেশ যাত্রা কৰা নাই। কিন্তু কিয় চীনৰ ৰাষ্ট্রপতিয়ে এইদৰে বিদেশ ভ্রমণৰ পৰা নিজক আঁতৰাই ৰাখিছে?

কৰ’না ভাইৰাছৰ সংক্রমণ নে আন কিবা কাৰণত জিনপিঙে নিজক চীনতে আবদ্ধ ৰাখিছে। একাংশ বিশেষজ্ঞৰ দাবী অনুসৰি, কৰ’নাৰ কাৰণত নহয়; দৰাচলতে ক্ষমতা হেৰুওৱাৰ শংকাতহে জিনপিঙে বিদেশ ভ্রমণৰ পৰা সম্প্রতি আঁতৰি আছে।

চীনৰ কমিউনিষ্ট পাৰ্টিৰ ভিতৰচ’ৰাত যথেষ্ট সংঘাতে দেখা দিছে আৰু প্রতিবেশী ৰাষ্ট্রৰ স’তেও চীনৰ সম্পর্ক সম্প্রতি যথেষ্ট অৱনতি ঘটিছে। জিনপিঙৰ চৰকাৰ পৰিচালনা নীতি আৰু ক’ভিড নীতিক লৈও শেহতীয়াভাৱে প্রশ্ন উত্থাপিত হৈছে।

এনে পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি চতুৰ জিনপিঙে সম্প্রতি চীন এৰি বিদেশ ভ্রমণত ব্যস্ত থাকিবলৈ বিচৰা নাই বুলি একাংশ কূটনৈতিক বিশেষজ্ঞই ধাৰণা কৰিছে।

Exit mobile version