মুকলি নিলাম যোগে সুদীৰ্ঘ ৬৮ বছৰ পাছত পুনৰ মালিকীস্বত্ব লাভ

tataairindia 1

দেশৰ চৰকাৰী বিমান সংস্থা এয়াৰ ইণ্ডিয়াৰ মালিকীস্বত্ব হস্তান্তৰিত হ’ব টাটা গােষ্ঠীলৈ। ১৯৫০ৰ পৰা বিমান পৰিবহণত ভাৰতৰ ধ্বজাবাহী এয়াৰ ইণ্ডিয়া ব্যক্তিগতকৰণৰ এই প্রক্রিয়া দশকজুৰি বিভিন্ন বিতর্কৰ মাজেৰে অব্যাহত থকাৰ পাছত টাটা ছন্স লিমিটেডে এই দেউলীয়া সংস্থাটোৰ মালিকীস্বত্ব আহৰণৰ বাবে নিলাম প্রক্রিয়াৰ মাজেৰে স্বীকৃত হৈছে।

কেন্দ্রীয় চৰকাৰে জনােৱা মতে, এয়াৰ ইণ্ডিয়াৰ বিনিয়ােজনৰ বাবে টাটা ছন্সে দাখিল কৰা ১৮ হেজাৰ কোটি টকাৰ মূল্য গৃহীত হৈছে। ইয়াৰ ফলত ৬৮ বছৰ পাছত পুনৰ এয়াৰ ইণ্ডিয়াৰ মালিকীস্বত্ব লাভ কৰিলে টাটা গােষ্ঠীয়ে।

এয়াৰ ইণ্ডিয়াৰ কম খৰচী বিমান সেৱা ‘এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ’ৰ এশ শতাংশ মালিকীস্বত্ব লাভ কৰিব গােষ্ঠীটোৱে। তদুপৰি এয়াৰ ইণ্ডিয়াৰ বিমানকোঠ সেৱা সংক্রান্তীয় সংস্থা ‘এয়াৰ ইণ্ডিয়া বিমানকোঠ সেৱাৰ ৫০ শতাংশ অংশীদাৰিত্ব লাভ কৰিব।

প্রায় ন দশক পূর্বে ১৯৩২ত টাটা ছন্সে আৰম্ভ কৰিছিল এয়াৰ ইণ্ডিয়া লিমিটেড’ৰ। দেশ স্বাধীন হােৱাৰ পাছত ই চৰকাৰৰ হাতলৈ যায়। কেন্দ্রীয় বিত্ত মন্ত্রণালয়ৰ অধীনস্থ বিনিয়ােজন আৰু ৰাজহুৱা সম্পদ ব্যৱস্থাপনা বিভাগৰ শীর্ষ আমােলা তুহিন কান্ত পাণ্ডই কয় যে ২০২১ৰ শেষ ভাগলৈ চৰকাৰী সকলােবােৰ লেনদেন সমাপ্ত কৰাৰ লক্ষ্য লৈছে।

তেওঁ জনােৱা মতে, টাটা নিয়ন্ত্রিত টালিছ প্রাইভেট লিমিটেডৰ নিবিদা গ্রাহ্য হৈছে। ক্রমবর্ধিত ঘাটি বাজেটৰ জোৰা মাৰিবলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে গ্রহণ কৰা শক্তিশালী ব্যক্তিগতকৰণ নীতিৰ অংশৰূপে এই হাইপ্র’ফাইল বিক্রী সম্পন্ন হ’ল।

দেশৰ অধিকাংশ বাণিজ্য খণ্ডতে ব্যক্তিগতকৰণৰ দুৱাৰ মুকলি কৰি দিছে প্রধানমন্ত্রী মােদীয়ে। এয়াৰ ইণ্ডিয়া হস্তান্তৰৰ লগে লগে টাটা ছন্সৰ হাতলৈ আহিল তৃতীয়টো বিমানসেৱা। প্রসংগত উল্লেখ্য যে কে’বাশ বিমান, হেজাৰ হেজাৰ প্রশিক্ষি পাইলট আৰু বিমানকর্মী তথা বিশ্বজুৰি থকা বিমানৰ লেণ্ডিং আৰু পার্কিং চৌহদ লাভ কৰিলে টাটা গােষ্ঠীয়ে ।

তুহিন কান্তই জনােৱা মতে, টাটাৰ উপৰি আন এক বেচৰকাৰী বিমান সংস্থা স্পাইছজেটৰ মুৰব্বী অজয় সিঙে এয়াৰ ইণ্ডিয়াৰ ক্ৰয়ৰ নিলামত অংশ লৈছিল। তেওঁ আগবঢ়োৱা মূল্য আছিল ১৫,১০০ কোটি টকাৰ।

তুহিন কান্ত পাণ্ডেই জনােৱা মতে, টাটা গােষ্ঠীয়ে এয়াৰ ইণ্ডিয়াৰ ১৫,৩০০ কোটি টকাৰ ঋণ পৰিশােধৰ লগতে চৰকাৰক ২৭০০ কোটি টকাৰ নগদ ধন আদায় দিব। প্রকাশিত তথ্য অনুসৰি ৩১ আগষ্ট পর্যন্ত এয়াৰ ইণ্ডিয়াৰ ঋণৰ ধনৰ মূল্য ৬১,৫৬০ কোটি।

টাটা ছন্সে পৰিশােধ কৰা ধনৰ ওপৰঞ্চি বাকী থকাখিনি চৰকাৰে আদায় দিব। এই হস্তান্তৰ চুক্তি অনুসৰি, এয়াৰ ইণ্ডিয়াৰ ভূমি আৰু ঘৰ আদি সম্পত্তি অন্তর্ভুক্ত কৰা হােৱা নাই।

তদুপৰি এয়াৰ ইণ্ডিয়াৰ সকলােবােৰ কৰ্মচাৰীক টাটা ছন্সে কমেও এবছৰ কর্মসংস্থাপন দিব লাগিব। উল্লেখ্য যে এয়াৰ ইণ্ডিয়াৰ আছে ১১৭ খন বিমান আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ লিমিটেডৰ আছে ২৪ খন বিমান।

এক বিবৃতিত টাটা গােষ্ঠীয়ে এই তথ্য ৰাজহুৱা কৰিছে। তদুপৰি দেশৰ অগ্রণী উদ্যোগপতি ৰতন টাটায়াে টুইটাৰযােগে এই হস্তান্তৰৰ বিষয় প্রকাশ কৰিছে। প্রত্যাৱর্তন স্বাগতম এয়াৰ ইণ্ডিয়া’ বুলি এক টুইটত তেওঁ প্রতিক্রিয়া প্ৰকাশ কৰিছে।

তেওঁ টুইটত কয় যে নিশ্চিতভাৱে এয়াৰ ইণ্ডিয়াৰ পুনৰ নিৰ্মাণৰ বাবে যথেষ্ট প্রচেষ্টা লাগিব। অসামৰিক বিমান পৰিবহণ উদ্যোগত টাটা গােষ্ঠীৰ উপস্থিতিলৈ এয়াৰ ইণ্ডিয়াই শক্তিশালী বজাৰৰ সুযােগ আনি দিব বুলি তেওঁ আশা প্রকাশ কৰে।

উল্লেখ্য যে ১৯৯০ত ব্যক্তিগত বিমান পৰিবহণ সেৱাৰ আৰম্ভণিৰ পাছত ২০০০ত কম ব্যয়বহুল বিমানসেৱাৰ প্ৰাচুৰ্যৰ বাবে এয়াৰ ইণ্ডিয়াই ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় এই দুই বজাৰতে ক্ষতিৰ সন্মুখীন হ’বলৈ ধৰে। কিয়নাে দেশে-বিদেশে যাবলৈ একমাত্র বিকল্প হৈ থকা নাছিল এয়াৰ ইণ্ডিয়া।

একেদৰে সেৱা আৰু আতিথ্যৰ অৱনতি ঘটাত ক্ৰমাৎ বজাৰ হেৰুৱাবলৈ ধৰে ভাৰতৰ অতি আপােন এই বিমান সেৱাই। ২০০৭ৰ পৰা লাভৰ মুখ দেখা নাছিল এয়াৰ ইণ্ডিয়াই। মন কৰিবলগীয়া যে টাটা গােষ্ঠীয়েও বিমান সেৱা সুচলভাৱে চলাব পৰা নাই বুলি বিভিন্ন সময়ত সমালােচিত হৈছে।

Exit mobile version