Bank : বেংকৰ এফডিত উৎস কৰ কৰ্তনৰ পৰা কোনে পাব ৰেহাই

BankReuters 2

বেংকৰ ফিক্সড্ ডিপ’জিট আঁচনি হৈছে বিনিয়ােগৰ অন্যতম নির্ভৰযােগ্য মাধ্যম। এই আঁচনি কৰৰ আওতাত পৰে, অর্থাৎ ইয়াৰ পৰা হােৱা উপার্জন কৰযােগ্য। গতিকে লাভৰ পৰিমাণ অন্য আঁচনিৰ তুলনাত কিছু কম ইয়াত। তদুপৰি লাভ নহ’লেও লােকচানৰাে ভয় নাই বাবে এই আঁচনিৰ সুতৰ হাৰ ইকুইটি বা সমাংশতকৈও কম।

পিছে সুতৰ হাৰ যিমানেই কম নহওক কিয় বা কৰ যিমানেই ভৰিবলগীয়া নহওক কিয়, বেংকৰ ফিক্সড ডিপজিট আঁচনিত ৰিটার্ণ নিশ্চিত। সেয়েহে কম শংকাৰ বিনিয়ােগ হিচাপে আজিও সাধাৰণ ভাৰতীয়ৰ বাবে বিনিয়ােগৰ প্রথম পছন্দ বেংকৰ ফিক্স ডিপজিট।

ওপৰত উল্লেখ কৰি অহা হৈছে যে বেংকৰ ফিক্সড ডিপজিটত কৰ হিচাপে টিডিএছ কর্তন কৰা হয়। এই টিডিএছ কর্তন সাধাৰণ উৎস কৰ কৰ্তনৰ স’তে প্রায় একেই যদিও এই ক্ষেত্ৰত কেতবােৰ পাৰ্থক্যও নথকা নহয়। বেংকৰ ফিক্সড ডিপজিটৰ টিডিএছ কর্তনৰ নিময়মবােৰ নিম্নোক্ত ধৰণৰ..

১। বিনিয়ােগকাৰীৰ আয় যদি নির্দিষ্ট সীমাতকৈ কম হয়, তেনে ক্ষেত্ৰত সুতৰ ওপৰত টিডিএছ কর্তন কৰা নহয়। ৬০ বছৰতকৈ কম বয়সৰ আৰু বার্ষিক ২.৫ লাখ টকাৰ কম আয় কৰা সকলেহে এই সুবিধা পাব পাৰে।

২। ৬০ৰ ঊর্ধ্বৰ পৰা সর্বাধিক ৮০ বছৰ বয়সৰ বয়ােজ্যেষ্ঠসকলৰ ভিতৰত যিসকলৰ বার্ষিক আয় তিনি লাখ টকাৰ ভিতৰত তেওঁলােকেও এই কৰ ৰেহাই পাব পাৰে।

৩। ৮০ৰ ঊৰ্ধৰ বয়ােজ্যেষ্ঠসকলৰ ভিতৰত যিসকলৰ বছৰি আয় পাঁচ লাখ টকা পর্যন্ত,তেওঁলােকেও টিডিএছ ৰেহাই পাব পাৰে। ইয়াৰ বাবে অৱশ্যে দুই ধৰণৰ প্ৰ-পত্র জমা দিব লাগে। ৬০ বছৰতকৈ কম বয়সৰ লােকসকলে প্ৰপত্র ১৫ জি আৰু ৬০ৰ ঊর্ধ্বৰ সকলে প্ৰ-পত্র ১৫ এইছ জমা দিলে উক্ত সুবিধা লাভ কৰিব পাৰে।

৪। বিত্তীয় বর্ষ এটাৰ আৰম্ভণিতেই এই প্ৰ-পত্র জমা দিব লাগে। আপুনি যদি চলিত ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে টিডিএছৰ ক্ষেত্ৰত কৰমুক্তি বিচাৰিছে তেন্তে পলম নকৰি আজিয়েই এই প্ৰ-পত্র বেংকত জমা কৰক।

Exit mobile version