দেশত কয়লা সংকটৰ হাৰাশাস্তিৰ সময়ত ৰাজ্যসমূহক আশ্বাস দিলে কেন্দ্ৰীয় কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে । তেওঁ কয় যে, অহা তিনি-চাৰি দিনৰ ভিতৰত এই সমস্যা সমাধান কৰা হ’ব।
তেওঁ লগতে দাবী কৰে যে যোৱা কেইবছৰমানৰ তুলনাত যোৱা দুমাহত দেশত সৰ্বাধিক কয়লা আহৰণ হৈছে ।
সংবাদ সংস্থা পিটিআই-ক প্ৰহ্লাদে কয়, “যদি কে’বা বছৰধৰি এই পৰিসংখ্যা দেখা যায়, তেন্তে এইটো স্পষ্ট হ’ব যে ভাৰতত কয়লা আহৰণ আৰু বিতৰণ যোৱা দুমাহত সৰ্বাধিক হৈছে । অহা তিনিৰ পৰা চাৰি দিনৰ ভিতৰত সকলো সমস্যা সমাধান কৰা হ’ব ।”
কেন্দ্ৰই যোৱা কেইদিনমানত চাৰিটা বিষয়ক বিভিন্ন ৰাজ্যত কয়লা সংকটৰ কাৰণ হিচাপে আলোকপাত কৰিছে । প্ৰথমতে, অৰ্থনীতিৰ পুনৰুজ্জীৱিতকৰণৰ ফলত ভাৰতত বিদ্যুতৰ বৃহৎ চাহিদা বৃদ্ধি পাইছে ।
দ্বিতীয়তে, কয়লা খনন ক্ষেত্ৰত প্ৰচুৰ পৰিমাণৰ বৰষুণ । তৃতীয়তে, আমদানি কৰা কয়লাৰ মূল্য বৃদ্ধি । চতুৰ্থতে, মহাৰাষ্ট্ৰ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশৰ দৰে ৰাজ্যবোৰত কয়লা কোম্পানীৰ যথেষ্ট বকেয়া আছে ।
কেন্দ্ৰই শনিবাৰে কয় যে সমস্যাটো সমাধান কৰিবলৈ এখন বিশেষজ্ঞ সমিতি গঠন কৰা হৈছে । তেওঁলোকে সমগ্ৰ বিষয়টো চাই আছে । কয়লা মন্ত্ৰণালয় আৰু ক’ল ইণ্ডিয়াই ৰাজ্যসমূহক দিয়া কয়লাৰ পৰিমাণ বৃদ্ধি কৰাৰ আশ্বাস দিছে ।
যদিও কে’বাখনো ৰাজ্য এতিয়াও চিন্তিত হৈ আছে । আটাইতকৈ শোচনীয় অৱস্থা ৰাজধানী দিল্লীত । মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সমস্যাটো জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ লিখিছে ।
তেওঁ কয় যে, দুদিনৰ ভিতৰত সমস্যাটো সমাধান নহ’লে দিল্লীত বিদ্যুৎ সংকট দেখা যাব । গুজৰাট, ৰাজস্থান, পঞ্জাৱ আৰু তামিলনাডুৰ দৰে ৰাজ্যসমূহেও কয়লা সমস্যা সমাধানৰ বাবে কেন্দ্ৰক আহ্বান জনাইছে।