Hockey India : হকী ইণ্ডিয়াৰ পদক্ষেপত অসন্তুষ্ট মোদী চৰকাৰ

Anurag Thakur

আলোচনা নকৰাকৈয়ে কমনৱেলথ গেমছৰ পৰা নাম প্রত্যাহাৰ কৰাত হকী ইণ্ডিয়াৰ ওপৰত ক্ষুব্ধ কেন্দ্রীয় চৰকাৰ । হকী ইণ্ডিয়াই কেনেদৰে একপক্ষীয়ভাৱে সিদ্ধান্ত ল’লে তাক লৈ প্রশ্ন কৰিছে কেন্দ্রীয় ক্রীড়ামন্ত্রী অনুৰাগ ঠাকুৰে ।

১৩০ কোটিৰ দেশত হকী খেলুৱৈ কম নাই । সেয়ে কমনৱেলথ গেমছত মূল দলৰ ১৮জনক বাদ দিও দল গঠন কৰিব পাৰি, এইদৰে কয় অনুৰাগে । তেওঁ কয়, ‘‘১৩০ কোটি মানুহে বাস কৰে ভাৰতত । মূল দলৰ ১৮ জনৰ বাহিৰেও বহু হকী খেলুৱৈ আছে দেশত । এইটো ফেডাৰেচনেৰ দল নহয় । ভাৰতৰ দল । সেয়ে হকী ইণ্ডিয়াই চৰকাৰৰ স’তে সম্পূৰ্ণ বিষয়টো আলোচনা কৰা উচিত । এই সমস্ত বিষয়ত সিদ্ধান্ত ল’ব চৰকাৰে ।’’

ইংলেণ্ডত বৰ্দ্ধিত ক’ভিডৰ প্ৰতি লক্ষ্য ৰাখি কমনৱেলথ গেমছৰ পৰা নাম প্রত্যাহাৰ কৰিছে হকী ইণ্ডিয়াই । কেৱল সেয়াই কাৰণ নহয়, কমনৱেলথ গেমছ আৰম্ভ হোৱাৰ ৩২ দিন পাছত আৰম্ভ হ’ব এছিয়ান চেম্পিয়ন্স ট্রফি । এই প্রতিযোগিতাত চেম্পিয়ন হ’লে পোনপটীয়াকৈ পেৰিছ অলিম্পিকৰ অনুমোদনপত্র লাভ কৰিব ভাৰতে । সেয়ে এছিয়ান কাপ খেলাৰ বিষয়ত অধিক উৎসাহী আছিল হকী ইণ্ডিয়া ।

হকী ইণ্ডিয়াৰ যুক্তি সম্পূৰ্ণৰূপে মানি ল’ব পৰা নাই অনুৰাগে । আইপিএল–ৰ উদাহৰণ দি অনুৰাগে কয়, ‘‘হকীত ভাৰতৰ প্রতিভাৰ অভাৱ নাই । ক্রিকেটৰ এতিয়া আইপিএল চলি আছে । কিছুদিন পাছতেই টি২০ বিশ্বকাপ । ক্রিকেটাৰসকলে যদি একেলেথাৰি দুটা প্রতিযোগিতাত খেলিব পাৰে তেনেহ’লে হকী খেলুৱৈসকলে কিয় নোৱাৰে ? মোৰ মতে এছিয়ান চেম্পিয়ন্স ট্রফি খুবেই গুৰুত্বপূর্ণ । ভাৰতীয় দল কোন প্রতিযোগিতাত খেলিব সেয়া নিৰ্ধাৰণ কৰাৰ দায়িত্ব সংশ্লিষ্ট সংস্থাৰ নহয়, কেন্দ্রীয় চৰকাৰৰ ।”

Exit mobile version