দিল্লীত মৃত্যু কোকৰাঝাৰ জিলাৰ মোৱামাৰীৰ সেনা জোৱান স্বপন বৰ্মনৰ

মোৱামাৰীত সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন

3d97f18a 926f 4947 ae6d 3b18e5e5ae3b

কথা দিছিল মৰমৰ পত্নী,সুখ-দুখৰ জীৱন সংগিনীক ৷পূজাৰ ছুটিত ঘৰলৈ অহাৰ আৰু পূজাৰ পাছত দিল্লীতেই একেলগে ৰখাৰ কিন্তু সেয়া যেন নহ’লগৈ৷

যোৱা আঠ অক্টোবৰত ঘৰলৈ আহিম বুলি কোৱা মানুহজন দেখোন পুস্পসজ্জিত বগা কফিনৰ ভিতৰতহে গভীৰ নিদ্ৰামগ্নভাৱে নিদ্ৰাদেৱীৰ কোলাত চিৰদিনৰ বাবে আহিছে দিল্লীৰ পৰা৷

কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱ মহকুমাৰ মোৱামাৰী বৰ্মনপাৰাৰ প্ৰয়াত ননী গোপাল বৰ্মন আৰু তাৰা বৰ্মনৰ পুত্র ভাৰতীয় সেনা জোৱান স্বপন বৰ্মন(৩৩)৷

পিতৃহীন স্বপনক মাকে বহু কষ্টৰে তুলি-তালি ডাঙৰ-দীঘল কৰিছিল৷তীব্ৰ আৰ্থিক অনাটনৰ মাজেদি মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পাছত ভাৰতীয় সেনা বাহিনীৰ মিলিটাৰী ইঞ্জিনিয়াৰিং ছাৰ্ভিচত ২০১০ চনত যোগদান কৰিছিল স্বপনে ৷

অমায়িক ,সকলোৰে লগত সহজতে মিলিব পাৰা স্বপনৰ মৃত্যুত এতিয়া শোকস্তব্ধ মোৱামাৰী বৰ্মনপাৰাৰ অঞ্চলবাসী ৷নিজ পুত্ৰ তথা স্বামী আৰু উপাৰ্জনকাৰীক অকালতে হেৰুৱাই দিক-বিদিক হেৰুৱাইছে দুৰ্ভগীয়া পৰিয়ালটো ।

দেওবাৰে নিশা মোৱামাৰীস্থিত বাসগৃহত দিল্লীৰ পৰা আহি পোৱা স্বপনৰ সম্পৰ্কে সম্পৰ্কীয় আৰু গাওঁবাসীয়ে সংবাদ মাধ্যমৰ আগত জানিব দিয়ে যে পূজাৰ বন্ধত ছুটি মঞ্জুৰ লাভ কৰা স্বপনে আঠ অক্টোবৰত ঘৰলৈ আহিব বুলি জনাইছিল৷

কিন্তু আহিবৰ বাবে সকলো প্ৰস্তুতি চলোৱা স্বপন আহিল নিথৰ দেহ হৈ৷সম্পৰ্কীয় সকলে জানিব দিয়া অনুসৰি নিশা শুই থকা স্বপনক আঠ অক্টোবৰৰ পুৱালৈকে বিছনাৰ পৰা উঠি নহা দেখি সতীৰ্থ সকলে সেনাৰ কোৱাৰ্টাৰত গৈ জগাবলৈ যাওঁতেহে স্বপনৰ মৃত্যু পোহৰলৈ আহে৷

Exit mobile version