অসম প্ৰদেশ কংগ্রেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু অসম বিধানসভাৰ বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন আজি গোসাঁইগাঁও বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্রেছ দলৰ মনোনীত প্ৰাৰ্থী জুৱেল টুডুক লগত লৈ গোঁসাইগাঁও শশ্মান মন্দিৰৰ পৰা মূল্য বৃদ্ধি বিৰোধী শ্লোগান দি ম’হৰ গাড়ীত উঠি গোসাঁইগাঁৱৰ বিভিন্ন মন্দিৰ পৰিদৰ্শন কৰে।
ADVERTISEMENT
গোঁসাইগাঁও পৰিদৰ্শন কৰি ভুপেন বৰাই কয় কংগ্ৰেছৰ দিনত মূল্য বৃদ্ধি হোৱাত বিজেপি বিধায়ক সকলে গৰুৰ গাড়ীৰে বিধানসভা সচিবালয়লৈ গৈছিল আৰু গেছৰ দাম বৃদ্ধি হোৱাত মূৰত চিলিন্দাৰ লৈ বিভিন্ন ধৰনৰ আন্দোলন কৰিছিল কিন্তু সেই নেতাবোৰে শাসনৰ গাদী পাই নিজৰ ইচ্ছা মতে মূল্য বৃদ্ধিত উঠিপৰি লাগিছে।আগন্তক উপনিৰ্বাচনত ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব।