Tuberculosisis Vaccine: ক’ভিডৰ পাছত যক্ষ্মাৰ টিকা তৈয়াৰ কৰাৰ চেষ্টাত ভাৰত,আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়াল

1623922293 untitled td td td

লক্ষ্য ২০২৫ চনৰ ভিতৰত দেশখনক যক্ষ্মা মুক্ত কৰা আৰু সেই লক্ষ্যত উপনীত হ’বলৈ, যক্ষ্মাৰ প্ৰতিষেধকৰ ওপৰত কাম কৰা আৰম্ভ কৰিছে ভাৰতে । দুটা ভেকছিনৰ কাম চলি আছে।

এক দেশীয় প্ৰযুক্তিত তৈয়াৰী ইমেভাক। আনটো হৈছে জাৰ্মানত নিৰ্মিত ভিপিএম১০০২। এই দুয়োটা ভেকছিন ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আইচিএমআৰ) দ্বাৰা তৃতীয় পৰ্যায়ৰ বাবে পৰীক্ষা কৰা হৈছে।

বেচিলাছ কেলমেট-গুয়েৰিন (বিচিজি)ক সমগ্ৰ বিশ্বতে যক্ষ্মা প্ৰতিষেধক হিচাপে স্বীকৃতি দিয়া হৈছে। ভেকছিনটো মুখ্যতঃ শিশুসকলক যক্ষ্মা আৰু মেনিনজাইটিছত আক্ৰান্ত হোৱা প্ৰতিহত কৰিবলৈ দিয়া হয়। বিজ্ঞানীসকলে দাবী কৰিছে যে দুয়োটা নতুন ভেকছিনৰ সফল ৰূপায়ণে বিশ্বৰ বাবে এক নতুন দিগন্ত মুকলি কৰিব।

আইচিএমআৰে এই পৰীক্ষামূলক এপ্লিকেচনৰ বাবে ১২হেজাৰ লোকক বাছনি কৰিছে। পৰীক্ষাটো দেশৰ সাতটা ঠাইত অনুষ্ঠিত কৰা হ’ব। আইচিএমআৰে চূড়ান্ত ক্লিয়াৰেন্স আৰু বাণিজ্যিক আবেদনৰ আগতে তিনি বছৰৰ বাবে পৰীক্ষাৰ ফলাফল নিৰীক্ষণ কৰিব।

নাম উল্লেখ কৰিবলৈ অস্বীকাৰ কৰা এজন বিজ্ঞানীয়ে কয় যে ক’ভিড পৰিস্থিতিত লোকসকলক যক্ষ্মা ৰোগৰ বিষয়ে সজাগ কৰা আৰু যক্ষ্মা ৰোগীসকলক ডটচ কেন্দ্ৰলৈ গৈ ভেকছিন লবলৈ অনুপ্ৰাণিত কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান।

বিজ্ঞানীজনৰ মতে, ” ক’ভিড ১৯ টিকাৰ ফলাফল কেবামাহৰ ভিতৰত হস্তান্তৰ হৈছে। কিন্তু যক্ষ্মা হৈছে এক দীৰ্ঘম্যাদী ৰোগ। ফলস্বৰূপে আমি চূড়ান্ত সিদ্ধান্তলৈ অহাৰ আগতে অংশগ্ৰহণকাৰীসকলৰ ওপৰত ভাল আৰু দীঘলীয়া নজৰ ৰাখিব লাগিব। “

ইমিউভেকটো মুখ্যতঃ কুষ্ঠ ৰোগ প্ৰতিৰোধ কৰিবলৈ প্ৰস্তুত কৰা হৈছিল। ইয়াক ‘মাইকোবেক্টেৰিয়াম ইণ্ডিকচ প্ৰানাই’ বুলিও কোৱা হয়। এই ভেকছিনৰ কুষ্ঠ ৰোগ আৰু যক্ষ্মা বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা আছে। আনটো হৈছে ভিপিএম১০০২।

ভেলোৰৰ খ্ৰীষ্টান মেডিকেল কলেজৰ পালমোনাৰীৰ অধ্যাপক ড০ ডিজে ক্ৰিষ্টোফাৰে কয়, “সকলো ধনী আৰু দৰিদ্ৰ দেশ ক’ভিডৰ দ্বাৰা প্ৰভাৱিত হৈছে।” কিন্তু যক্ষ্মা ৰোগ মুখ্যতঃ দৰিদ্ৰ দেশ আৰু দৰিদ্ৰ সকলৰ মাজত অধিক হৈছে। “আমাৰ এতিয়াও কোনো কাৰ্যকৰী ভেকছিন নাই,” তেওঁ লগতে কয়।

ভেকছিনটো মুখ্যতঃ তেওঁলোকৰ বাবে প্ৰস্তুত কৰা হৈছে যিসকলৰ যক্ষ্মা হোৱাৰ আশংকা অধিক। কিন্তু এই ভেকচিন বজাৰলৈ আহিবলৈ কে’বা বছৰ লাগিব পাৰে।

আনহাতে, পুনেৰ কেইএম চিকিৎসালয়ৰ এজন চিকিৎসক প্ৰদীপ ডি’কষ্টাই কয় যে ভেকছিনে চৰকাৰৰ যক্ষ্মা ৰোগ প্ৰকল্পত এক নতুন দিশ দেখুৱাব। কিন্তু এতিয়াও বহুদূৰ বাকী আছে। ডি’কোষ্টা ভিপিএম১০০২ ভেকছিনৰ পৰীক্ষামূলক প্ৰয়োগৰ দায়িত্বত আছে।

Exit mobile version