Gun Battle with Terrorists : সেনাবাহিনী-উগ্ৰপন্থীৰ সংঘর্ষত উত্তপ্ত উপত্যকা, পুঞ্চত উগ্ৰপন্থীৰ আক্রমণত শহিদ সেনা বিষয়া

images 2

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী সংঘৰ্ষত প্ৰাণ হেৰুৱালে এজন সেনা বিষয়া আৰু এজন সেনা জোৱানে ৷ সেনা বাহিনীয়ে দিয়া এটা বিবৃতিত জনাইছে যে বৃহস্পতিবাৰে নিশা পুঞ্চ জিলাত তেওঁলোক শ্বহীদ হয়৷

 

মাত্ৰ চাৰি দিন পূৰ্বে অঞ্চলটোত পাঁচজন সেনা জোৱান নিহত হৈছিল৷ বৃহস্পতিবাৰে পুঞ্চ-ৰাজৌৰী অঞ্চলৰ দূৰৱৰ্তী পাহাৰীয়া অঞ্চলত উগ্ৰপন্থী আৰু সেনাই প্ৰাণ হেৰুৱাইছিল৷ দুয়োপক্ষৰ মাজত গুলী যুদ্ধ হৈছিল।

 

সেনাই কয় যে বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা মেন্ধাৰ উপ-সংমণ্ডল অঞ্চলৰ নাৰ খাছ বনাঞ্চলত দুয়োপক্ষৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছিল। ১২ অক্টোবৰত পুঞ্চৰ চুৰানকোট অঞ্চলৰ ডেৰা কি গালিত এজন কনিষ্ঠ কমিছনড বিষয়াসহ পাঁচজন সৈনিক শ্বহীদ হয়৷

 

তাৰ এমাহ আগতে ১২ ছেপ্টেম্বৰত ৰাজৌৰী জিলাত এজন অচিনাক্ত উগ্ৰপন্থীয়ে প্ৰাণ হেৰুৱাইছিল৷ ১৯ আগষ্টত ৰাজৌৰী জিলাত উগ্ৰপন্থীৰ সৈতে সংঘৰ্ষত এজন কনিষ্ঠ কমিছনড সেনা বিষয়া শ্বহীদ হয়৷ সেনাৰ স’তে সংঘৰ্ষত দুজন লস্কৰ-ই-তৈবা উগ্ৰপন্থী নিহত হৈছিল।

 

পুঞ্চত যোৱা কেইদিনমান ধৰি সেনাৰ অভিযান চলি আছে৷ ঠিক এই মুহূৰ্তত দূৰৱৰ্তী পাহাৰীয়া অৰণ্যত কিমান জন উগ্ৰপন্থী লুকাই আছে, সেনাই এতিয়ালৈকে একো খবৰ পোৱা নাই৷

 

বৃহস্পতিবাৰে সন্ধিয়া সেনাৰ স’তে সংঘৰ্ষত কোনো উগ্ৰপন্থীয়ে প্ৰাণ হেৰুৱালে নে নাই সেয়াও জনা নাযায়৷ জম্মু-পুঞ্চ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিয়া হৈছে৷

Exit mobile version