খং নিয়ন্ত্রণ কৰিবলৈ কেনে খাদ্য খাব ?

teaching while angry

মনটোক শান্ত কৰি ৰাখিবলৈ প্রথমে নিয়ন্ত্রণ কৰিব লাগিব খং। যিমানেই খং উঠিব সিমানেই শৰীৰটোৱে বিভিন্ন কাম সম্পাদনত অসুবিধা পাব। পুৱাৰে পৰাই যদি হাঁহিৰ পৰিৱর্তে অনবৰতে ৰাগ বা খং কৰে তেতিয়া শৰীৰত কিছুমান ৰােগৰ পৰা হাত সৰাটো অসম্ভৱ হৈ পৰে।

সেইবাবে সকলােৱে খং নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব প্রদান কৰা উচিত। খং নিয়ন্ত্ৰণৰ ক্ষেত্ৰত খাদ্যৰ ভূমিকা আছে। কেনে ধৰণৰ খাদ্য নিয়মীয়াকৈ খাব লাগে?

★মনটোক শান্ত কৰি ৰাখিবলৈ নিতৌ এটুকুৰা হলেও আলু খাব লাগে। আলুত ভিটামিন ‘বি’ আৰু কার্বোহাইড্রেট থাকে। এই দুবিধ উপাদানে মানসিক চাপ আৰু ৰক্তচাপ হ্রাস কৰে।

★কল খালেও টোপনি ভাল হয়। কাৰণ এইবিধ ফলত থকা ভিটামিন ‘বি’ আৰু পটাছিয়ামে স্নায়ুৰ কার্য স্বাভাৱিক কৰি ৰখাত সহায় কৰে। সেইবাবে নিয়মীয়াকৈ কল খাব লাগে।

★খাদ্য তালিকাত কণী অন্তর্ভুক্ত কৰা উচিত। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন ‘বি’ আৰু ‘ডি’ থাকে। এইবােৰ উপাদানে মনটো শান্ত কৰি ৰখাত সহায় কৰে।

★সদায় সেউজীয়া শাক-পাচলি নির্দিষ্ট পৰিমাণে খােৱা উচিত। কাৰণ সেউজীয়া শাক-পাচলিত শৰীৰৰ বাবে প্রয়ােজনীয় উপাদান থাকে।

Exit mobile version