দিনটোৰ ৰাশিফল

horoscope 2 1200

মেষ :শত্রু মিত্র হ’ব। মধ্যম হলেও সাৱধানেৰে দিনটো পাৰ কৰক। বিদ্যাত জটিলতা নাপায়। কর্মাদিও অযথা মন্থৰতা। শুভ ৰং ৰঙা।

বৃষ :নতুন প্রেম। ইচ্ছাকৃত কথাত কিবা বাধা পাব শৰীৰৰ অথন্তৰ দেখা যায়। ব্যৱসায় বাণিজ্যত বেয়া দেখা নাযায়। শুভ ৰং বেঙুণীয়া

মিথুন : এলাহ বৃদ্ধি। কেতু মংগল, শুক্র, ৰবি যাৰ জীৱনত শুভ তেওঁৰ দিনটোত বেছি আহুকাল নাই। কিন্তু সামগ্রিক দৃষ্টিত আহুকাল সামান্য হলেও থাকিব। শৰীৰ মধ্যম। বিদ্যাত মধ্যম। শুভ ৰং নীলা।

কর্কট :ৰাজহুৱা ব্যস্ততা। সদায় স্বাৱলম্বিতা আপুনি পছন্দ কৰিব, কিন্তু সময়ে তাক উৎসাহিত নকৰিব। আর্থিক চিন্তিত। খৰচৰ মাত্রা বৃদ্ধি ব্যস্ততা।শুভ ৰং কমলা।

সিংহ : উকীলৰ সুনাম। ধৈর্যৰে প্রতিকূল বিষয়াদি নিয়ন্ত্ৰণৰ চেষ্টা কৰক। বিদ্যালাভত বাধা কম। ভ্রমণাদিত কষ্ট হলেও শুভ। পিতৃৰ কথাত নিৰুৎসাহ। শৰীৰ বৰ ভালেৰে যােৱা টান। শুভ ৰং ক্রীম।

কন্যা : ছাত্র-ছাত্রীৰ মনত আনন্দ। মাজে মাজে গভীৰ চিন্তাই জুমুৰি দি ধৰিব। কর্মস্থানত সচ্ছলতা নাথাকিব। শৰীৰ মধ্যম। দাম্পত্যত মজলীয়া প্ৰভাৱ পৰিব। কাকো কক্ষ ব্যৱহাৰ নকৰিব। শুভ ৰং পাতল নীলা।

তুলা : আহহাদ-প্রমােদ। ক্ষীপ্ত পৰিৱেশ আৰম্ভণিৰ সম্ভাৱনা হলেও প্রকট নহ’ব। শৰীৰৰ প্রতি যত্ন লােৱাটো দংকাৰ বিদ্যার্থীৰ মধ্যম। বন্ধু-বান্ধৱৰ পৰা উৎসাহ। কিন্তু তেওঁলােকৰ ওপৰত নিৰ্ভৰ নকৰাই ভাল। শুভ ৰং বগা।

বৃশ্চিক : প্রিয়জনৰ আগমন। সাধাৰণ খং ৰাগ। কিন্তু উন্নত পৰিৱেশক সিয়ে ক্ষতি নকৰিব। প্রেম প্রীতিত মধ্যম আবেগ বৃদ্ধি। খৰচ বাঢ়িব। দৰকাৰী কামৰ বাবে কোনােৱে কৰা চেষ্টা সফল হ’ব। শুভ ৰং আকাশী নীলা।

ধনু: ধনবৃদ্ধি। দৰিদ্ৰ নাৰায়ণৰ প্ৰতি চিন্তা থাকিলেও কিছু সন্দেহ মনত লাগি থাকিব। দাম্পত্য, সন্তান আদিৰ লগত মধ্যম প্রভাৱ। অর্থ লাভ। স্বার্থৰ বাহিৰত থকালৈ আপােনাৰ অহৈতুক অবিশ্বাস হ’ব। শুভ ৰং হালধীয়া।

মকৰ: আদর্শবাদী মনােভাৱ। শৰীৰৰ উত্তাপহলেও ভয়ৰ বিশেষ কাৰণ নাই। অৱশ্যে প্রাপ্য ধন পােৱাৰ সম্ভাৱনা থাকিব। শুভ ৰং বেঙুনীয়া।

কুম্ভ :হঠাৎ উন্নতি। আর্থিক আমদানিৰ লগতে খৰচৰ পথাে মুক্ত থাকিব। কৰ্মৰ ওপৰত বিশ্বাস থাকিব। কোনাে কাৰণে বিৰক্ত ভাব আহিব পাৰে। সন্তানৰ ভালেই। সন্তান সম্ভৱাৰ কন্যা সন্তান লাভৰ যােগ। শুভ ৰং নীলা।

মীন: সন্তান সুখ। প্রিয় লােকৰ কোনাে কথাত সন্তুষ্ট নহ’ব। দুই ধৰণৰ চিন্তাই আপােনাৰ কৰ্মত আহুকালৰ সৃষ্টি কৰিব। শৰীৰৰ প্রতি নজৰ ৰাখক। পিছে অপেক্ষা কৰা কোনাে সংবাদত সুখ। শুভ ৰং বেঙুনীয়া।

Exit mobile version