লোণ কম খালেও হ’ব পাৰে বিপদ

2016 11 18 16262 1479439340. large

উচ্চৰক্তচাপ, লিভাৰ বা যকৃতৰ ৰােগ নিয়ন্ত্ৰণৰ বাবে যদিও কমকৈ নিমখ বা লােণ খাব লাগে তথাপি শাৰীৰিক কাম-কাজৰ ভাৰসাম্য ৰক্ষাৰ বাবে ইয়াৰ নিতান্তই প্রয়ােজন।

যদি প্রয়ােজনতকৈ কম পৰিমাণৰ নিমখ খােৱা হয় তেন্তে বিপদ হােৱাটো নিশ্চিত। সেই বাবে সকলােৱে লােণ কিয় খাব লাগে সেই বিষয়ে জানি থােৱাটো ভাল।

★লােণ কম পৰিমাণে খালে বৃদ্ধি হ’ব পাৰে ইনচুলিন। নিতৌ নির্দিষ্ট পৰিমাণতকৈ কমকৈ লােণ খালে স্বাস্থ্যৰ উপকাৰী উপাদানৰ মাজত ভাৰসাম্য ৰক্ষা নহয়। এনে ভাৰসাম্যহীন অৱস্থাৰ বাবে ইনচুলিনৰ পৰিমাণ বৃদ্ধি পায়।

★লােণত থকা ছ’ডিয়াম শৰীৰৰ প্ৰয়ােজনীয় উপাদান। এইবিধ উপাদানে ৰক্তচাপ নিয়ন্ত্রণত সহায় কৰে। সেইবাবে সকলােৰে নির্দিষ্ট পৰিমাণৰ লােণ খােৱাৰ ওপৰত গুৰুত্ব দিব লাগে।

★ ডায়েবেটিছত আক্রান্তসকল নিয়মমতে নির্দিষ্ট পৰিমাণৰ লােণ খাবই লাগে। কাৰণ যদি প্রয়ােজন মতে লােণ নাখায় তেতিয়া হ’লে হার্টএটেক আৰু ষ্ট্রোকত আক্রান্ত হােৱাৰ আশংকা বৃদ্ধি পায়। টাইপ- ১, টাইপ-২ দুয়ােবিধ ডায়েবেটিছত আক্রান্তৰ ক্ষেত্ৰতেই সমানেই প্ৰভাৱ পৰে। এই ৰােগত আক্রান্ত লােকসকলে আন আন বিষয়ৰ লগতে নির্দিষ্ট পৰিমাণে লােণ খােৱাৰ ওপৰত গুৰুত্ব প্রদান কৰা উচিত।

★নির্দিষ্ট পৰিমাণতকৈ কম নিমখ খালে শৰীৰত এলার্জী বা শক্তিৰ পৰিমাণ হাস পায়। সেইবাবে শক্তিক এলার্জীৰ সমস্যাৰ পৰা হাত সাৰিবলৈ সদায় নির্দিষ্ট পৰিমাণৰ লােণ খােৱা উচিত।

★আজিকালি বহুতাে লােকে লােণ কমকৈ খােৱাৰ প্রৱণতাই গঢ় কৰি উঠিছে। এনে মানসিকতা পৰিহাৰ কৰি শাৰীৰিক ভাৰসাম্য ৰক্ষাৰ বাবে নির্দিষ্ট পৰিমাণৰ লােণ খােৱাৰ অভ্যাস গঢ়ি তােলক।

Exit mobile version