বন্দুত্বত ভাঙোন,চীনা প্ৰতিষ্ঠানক ক’লা তালিকাভুক্ত কৰিলে পাকিস্তানে

42c9f630 fdbe 485b ad0a ee9e8ce5c376

হঠাতে বন্ধু ৰাষ্ট্র চীনৰ প্রতি ৰুষ্ট আচৰণ প্ৰদৰ্শন কৰিলে পাকিস্তানে। চীনৰ এটা প্রতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিলে ইমৰান খানৰ চৰকাৰে।

চীনা প্রতিষ্ঠানটোক পাকিস্তানে ক’লা তালিকাভুক্ত কৰিলে। পাকিস্তানৰ পৰা প্রকাশিত সংবাদপত্র ‘ডন’ৰ বাতৰি চীনা প্রতিষ্ঠানটোৰ নাম প্রকাশ নকৰাকৈ এই সন্দৰ্ভত এক বাতৰি প্ৰচাৰ কৰা হৈছে।

পাকিস্তান নেচনেল ট্রান্সমিছন এণ্ড ডেছপেছ কোম্পানী (এন টি ডি চি)-এ এটা প্রকল্পৰ অট্টালিকাৰ সন্দৰ্ভত সংশ্লিষ্ট বিভাগত নকল নথিপত্র জমা দিয়াৰ অভিযােগত চীনা প্রতিষ্ঠানটোক পাকিস্তানে ক’লা তালিকাভুক্ত কৰিলে।

জাল নথিপত্র জমা দিয়া এই প্রতিষ্ঠানটোৱে এমাহৰ বাবে পাকিস্তানৰ কোনাে চৰকাৰী নিবিদাত অংশ ল’ব নােৱাৰিব।

Exit mobile version