বাংলাদেশৰ হিংসা, শ্বেখ হাছিনাৰ উপদেশ আৰু ‘কা’

প্ৰাঞ্জলসেন ডেকা

Sheikh Hasina Wazed 2012 1

সদ্যসমাপ্ত দুর্গাপূজাৰ সময়ছােৱাত বাংলাদেশৰ কে’বাটাও পূজা মণ্ডপ আৰু মন্দিৰত দুবৃত্তৰ আক্ৰমণক কেন্দ্র কৰি চৰম উত্তেজনা অব্যাহত আছে। বাংলাদেশৰ কুমিল্লা জিলাৰ নানুৱাৰৰ দিঘিৰপাৰত দুর্গা পূজা মণ্ডপত পৱিত্র কোৰানক অপমানিত কৰা বুলি প্রচাৰ চলাই এনে আক্রমণৰ বাবে প্ৰৰােচিত কৰা হয়।

ইতিমধ্যে এনে আক্রমণত কমেও ছজন লােকে প্রাণ হেৰুওৱাৰ উপৰি শতাধিক লােক আহত হৈছে। সম্প্রতি বিশ্বৰ বিভিন্ন দেশত এচাম লােকৰ মাজত অসহিষ্ণুতা বৃদ্ধি পােৱাটো উদ্বেগৰ বিষয় হৈ পৰিছে। কেতিয়াবা ধর্ম, কেতিয়াবা ভাষা, কেতিয়াবা গােষ্ঠী, কেতিয়াবা বর্ণক লৈ এচাম কঠোৰপন্থীয়ে হিংস্ৰ হৈ অশান্তিৰ সৃষ্টি কৰিছে; সেয়া আমেৰিকাই হওক, অথবা ভাৰত-বাংলাদেশেই হওক।

বিভিন্ন মহল ইয়াৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে যদিও পৰিস্থিতিৰ সলনি হােৱা নাই। এই ক্ষেত্ৰত উন্নত অথবা অনুন্নত দেশ বুলিও কোনাে পৃথক পৰিৱেশ পৰিলক্ষিত হােৱা নাই। ইয়াৰ সংখ্যা হয়তাে দেশভেদে তাৰতম্য হ’ব পাৰে। লক্ষ্যণীয়ভাৱে শেহতীয়া কালছােৱাত এনে ঘটনাত যথেষ্ট পৰিমাণে ইন্ধন যােগাইছে সামাজিক মাধ্যমে।

যি সামাজিক মাধ্যমক বন্ধুত্ব আৰু বিভিন্নজনৰ মতামত আদান-প্রদানৰ মাধ্যমৰূপে প্রচলন কৰা হৈছে, বহুক্ষেত্ৰত ইয়াৰ অপব্যৱহাৰে পৰিস্থিতি অধিক জটিল আৰু হিংসাত্মক কৰি তুলিছে। বাংলাদেশত সংঘটিত শেহতীয়া মন্দিৰ আৰু পূজাথলীত আক্ৰমণৰ ঘটনাৰ সূত্রপাত সামাজিক মাধ্যমত ভুৱা বাতৰি প্ৰচাৰ কৰিয়ে ঘটোৱা হৈছে।

বাংলাদেশত ঘাইকৈ কুমিল্লা, চানপুৰ, চট্টগ্রাম আৰু কক্সবাজাৰত উন্মত্ত জনতাই পূজা মণ্ডপ আৰু মন্দিৰত আক্রমণ কৰাৰ লগতে প্রতিমা লণ্ডভণ্ড কৰে। দুবৃত্তই দুর্গা প্রতিমা পুখুৰীলৈ দলিয়াই দিয়ে। আনকি ঢাকাতাে দুর্গা মূর্তি ভাঙি পেলােৱা হৈছে।

বিজয়া দশমীৰ দিনা শুকুৰবৰীয়া নামাজৰ পাছত সমদল উলিয়াই ইছলামধর্মী একাংশ লােকে এটা ইস্কন মন্দিৰত আক্রমণ কৰে। সেই মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া এজনক সমদলকাৰীসকলে নৃশংসভাৱে প্ৰহাৰ কৰাৰ লগতে হানি-খুঁচি হত্যা কৰে।

পাছত আৰু এজন লােকৰ মৃতদেহ মন্দিৰৰ সমীপৰে এটা পুখুৰীত উদ্ধাৰ হয়। হিন্দু সংগঠনৰ বিষয়ববীয়াই প্রকাশ কৰা অনুসৰি, এইবাৰৰ পূজাত সংঘটিত এনে আক্রমণত ডেৰ শতাধিক লােক আহত হয় আৰু কমেও ৮০টা পূজা মণ্ডপৰ ক্ষতিসাধন কৰা হয়।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে স্থানীয় আৰক্ষীয়ে উন্মত্ত জনতাক ছত্রভংগ দিয়াবলৈ ৰবৰৰ গুলি, কন্দুৱা গেছ আদি প্রয়ােগ কৰাৰ উপৰি ৯০ জন লােকক গ্রেপ্তাৰ কৰে।

বাংলাদেশৰ প্ৰধানমন্ত্রী শেখ হাছিনাই এই ঘটনাক দুর্ভাগ্যজনক আখ্যা দি ইয়াত জড়িত অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে।

তেওঁ কৈছে যে অপৰাধী যি ধৰ্মৰে নহওক কিয়, উপযুক্ত তদন্ত কৰি কাকো ৰেহাই দিয়া নহ’ব। লক্ষ্যণীয় এয়ে যে এই প্ৰসংগত প্রধানমন্ত্রী হাছিনাই ভাৰতৰাে সহযােগিতা বিচাৰিছে।

তেওঁ কৈছে, ‘উপদ্ৰৱকাৰীসকলক লৈ ভাৰতে সতর্ক হােৱা উচিত। আনকি ভাৰতত এনে কোনাে ঘটনা হােৱা অনুচিত, যাৰ দ্বাৰা আমাৰ দেশ প্ৰভাৱিত হয় আৰু ফলত আমাৰ হিন্দুসকল সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

ভাৰতত কোনাে ঘটনা হলে আমাৰ ইয়াত হিন্দুসকলাে প্ৰভাৱিত হয়। সেয়েহে ভাৰতেও ইয়াকে লৈ সতর্ক থকাটো জৰুৰী। ‘বাংলাদেশ মুক্তিযুদ্ধত ভাৰতে আগবঢ়োৱা সহযােগিতাৰ প্রতি কৃতজ্ঞতা দোহাৰিও প্রধানমন্ত্ৰীগৰাকীয়ে কয়, ‘বিশ্বজুৰি সন্ত্রাসবাদী গতিবিধিৰ দ্বাৰা আমিও প্রভাৱিত হৈছে।

এই ক্ষেত্ৰত আমিয়েই কেৱল নহয়, বৰঞ্চ প্রতিবেশী দেশে সতর্ক থকাটো বাঞ্ছনীয়।’ ভাৰতক উদ্দেশি প্রধানমন্ত্রী হাছিনাৰ এই বক্তব্য তাৎপর্যপূর্ণ।

হিন্দু-মুছলমান উভয় সম্প্রদায়ৰ লােকে শান্তি বিচাৰিলেহে ভাৰত উপ-মহাদেশলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিব। তেওঁ লগতে কয় যে ধর্ম ব্যক্তিগত হলেও উৎসৱ সকলােৰে বাবে আৰু সেয়ে সকলােৱে মিলি উৎসৱ উদ্যাপন কৰা হয়; কিন্তু কিছুমান ধর্মান্ধই সদায় সাম্প্রদায়িক সংঘৰ্যৰ সৃষ্টি কৰিবলৈ বিচাৰে।

এনে লােক কেৱল ইছলাম ধৰ্মতে নহয় বৰঞ্চ অন্যান্য ধর্মতাে আছে বুলি হাছিনাই মন্তব্য কৰে।প্ৰধানমন্ত্ৰীগৰাকীয়ে বাংলাদেশ হিন্দুসকলক নিজকে সংখ্যালঘু বুলি গণ্য নকৰি অন্যান্য ধর্মাৱলম্বী লােকৰ দৰেই নিজৰ ৰীতি-নীতি পালন কৰি যাবলৈ আহ্বান জনায়।

বাংলাদেশে যিসময়ত দ্রুতগতিৰে প্ৰগতিৰ দিশত আগবাঢ়িছে তেনে সময়তে এনেবােৰ ঘটনাই তাত বাধা সৃষ্টিৰ চেষ্টা কৰিছে বুলি আক্ষেপ কৰি তেওঁ কয়,’ সমস্যাৰ পৰা দেশক মুক্ত কৰাটোৱে আমাৰ লক্ষ্য। ‘এই কথা পাহৰিলে নচলিব যে সম্প্রতি বাংলাদেশ বিশ্বৰ অন্যতম দ্রুত গতিত অগ্ৰসৰ হােৱা অর্থনীতি।

জিডিপিৰ হাৰ, জনমূৰি আয়, ক্ষুধা সূচক আদিত বাংলাদেশে এই সময়ছােৱাত চকুত লগা উন্নয়ন কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ স’তে বাংলাদেশক তুলনা কৰাটো সমীচীন নহয় যদিও অর্থনীতিৰ কেবাটাও ক্ষেত্ৰত কিন্তু শেহতীয়াভাৱে বাংলাদেশে ভাৰততকৈ যথেষ্ট উন্নতি প্রদর্শন কৰিবলৈ সক্ষম হৈছে।

গতিকে বাংলাদেশে পূর্বৰ দৰে সকলাে ক্ষেত্ৰত পৰমুখাপেক্ষী হৈ থকাৰ প্ৰয়ােজন আছে বুলি নাভাবে। উল্লেখ্য যে ১৬.৯ কোটি জনসংখ্যাৰ বাংলাদেশ সম্প্রতি হিন্দু জনসংখ্যা মাত্র ৮.৯৬ শতাংশ।

সাম্প্রদায়িক হিংসা আৰু আতংকৰ পৰিপ্ৰেক্ষিতত বৃহৎসংখ্যক হিন্দুৱে বাংলাদেশ ত্যাগ কৰিবলৈ বাধ্য হৈছে। দুর্গাপূজাৰ সময়ছােৱাত এই দেশত বিভিন্ন আক্রমণ সংঘটিত হৈ আহিছে। ২০০১ত বি এন পি-জামাত মিত্রজোট ক্ষমতালৈ অহাৰ পাছত হিন্দুৰ বিৰুদ্ধে হিংসাত্মক আক্রমণ বৃদ্ধি পাইছিল।

এনে আক্ৰমণৰ পাছতে বিজেপিয়ে ভাৰতত সংশােধিত নাগৰিকত্ব আইন (‘কা’)ৰ প্ৰাসংগিকতাক লৈ সৰৱ হৈ। পৰিছে। লগতে এই আইনৰ বিৰােধীসকলক সমালােচনাৰ লক্ষ্য কৰি লৈছে। বিজেপিৰ তথ্যপ্রযুক্তি কোষৰ মুৰব্বী অমিত মালব্যই টুইটাৰযােগে কৈছে, ‘বাংলাদেশ হিন্দুসকলৰ ধৰ্মীয় স্বাধীনতা সংকটত পৰিছে আৰু ইয়েই স্পষ্ট কৰি দিছে যে ‘কা’ এক মানৱীয় আইন।

মমতা বেনাৰ্জীৰ ‘কা’ৰ বিৰােধ আৰু সুবিধাবাদী নীৰৱতা পশ্চিমবংগৰ হিন্দুসকলৰ বাবে নিৰাশাজনক। ইয়াৰ হিন্দুসকলাে তৃণমূল কংগ্ৰেছৰ শাসনত চাপত থাকিবলগীয়া হৈছে।’ এই সমগ্র ঘটনাক লৈ ভাৰত চৰকাৰৰ ভূমিকাও লক্ষ্যণীয়। শেহতীয়া হিংসাক লৈ উদ্বেগ প্রকাশ কৰিলেও দিল্লীয়ে অতি সাৱধানতাৰে প্রতিক্রিয়া প্রকাশ কৰা পৰিলক্ষিত হৈছে।

ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্রণালয়ৰ মুখপাত্রই ঘটনাৰ পৰিণতিৰ পৰিৱর্তে বাংলাদেশ চৰকাৰে তাৎক্ষণিকভাৱে পৰিস্থিতি নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণৰ কথাহে উল্লেখ কৰিছে।

বাংলাদেশক লৈ ভাৰত চৰকাৰে সম্প্রতি কোনাে ধৰণৰ কঠোৰ স্থিতি গ্রহণ কৰাৰ অৱকাশ নাই; কিয়নাে চুবুৰীয়া দেশসমূহৰ স’তে ভাৰতৰ সম্পৰ্কত শিথিলতা আহি পৰাৰ বিপৰীতে চীনৰ আগ্রাসী ভূমিকাই জটিলতাৰ সৃষ্টি কৰিছে। অধিকাংশ চুবুৰীয়া দেশেই যে ভাৰতৰ পৰিৱর্তে চীনৰ স’তে সম্পর্ক স্থাপনৰ প্ৰতিহে অধিক আগ্রহী হৈছে, সেয়া স্পষ্ট।

ভাৰতক শ’লঠেকত পেলাবলৈ আৰু ভাৰত মহাসাগৰত নিজৰ কর্তৃত্ব স্থাপন কৰিবলৈ চীনে ভাৰতৰ প্ৰতিখন চুবুৰীয়া দেশৰে বিশ্বাস আৰু আস্থা জয়ৰ চেষ্টা চলাই আহিছে আৰু বিভিন্ন সময়ত সফলাে হৈছে। ইয়াৰ বিপৰীতে দুর্বল কূটনৈতিক নীতিৰ পৰিপ্ৰেক্ষিতত ভাৰতে বন্ধু হেৰুৱাবলগীয়া হৈছে।

যােৱা সপ্তাহত আনকি ভাৰতৰ সবাতােকৈ ঘনিষ্ঠ দেশৰূপে চিহ্নিত ভূটানেও চীনৰ স’তে চুক্তি স্বাক্ষৰ কৰি দিল্লীৰ চকুত চমক সৃষ্টিকৰিছে। এনে প্রেক্ষাপটত ভাৰতে বাংলাদেশক কোনােপধ্যে অসন্তুষ্ট কৰাৰ কোনাে পদক্ষেপ গ্রহণ কৰিব নােৱাৰে। ভাৰত উপ-মহাদেশত নিজৰ স্থিতি অক্ষুন্ন ৰাখিবলৈ ভাৰতৰ বাবে বাংলাদেশৰ সহযােগিতা অপৰিহার্য।

এনে বাধ্যবাধকতাৰ বাবেই চুবুৰীয়া দেশত ধর্মীয় অসহিষ্ণুতাৰ বলি হােৱা হিন্দুসকলৰ প্রতি সদয় হলেও ভাৰত চৰকাৰে বাংলাদেশ হিন্দুৰ ওপৰত আক্ৰমণৰ বিৰােধত সাম্প্রতিক সময়ত কঠোৰতা প্রদর্শন কৰিব নােৱাৰে। সেয়েহে বিজেপিয়ে ‘কা’ৰ প্ৰাসংগিকতা প্রমাণৰ বাবে উঠিপৰি লাগিলেও চৰকাৰে বাংলাদেশ প্রতি সাৱধানী ব্যৱহাৰেই অব্যাহত ৰখাৰ গত্যন্তৰ নাই।

Exit mobile version