Farmers Protest : কৃষকসকলৰ, ‘ৰেল ৰ’ক’ কাৰ্যসূচীৰ ফলত উত্তৰ ভাৰতত বিপর্যস্ত ট্রেইন চলাচল

165251 tlaxxvumjw 1634536717

আন্দোলনকাৰী কৃষকসকলৰ ‘ৰেল ৰ’ক’ কার্যসূচীৰ ফলত উত্তৰ ভাৰতৰ বিস্তীর্ণ অঞ্চলত ৰেল চলাচল বিঘ্নিত হ’ল সোমবাৰে । ৰেল মন্ত্রণালয় সূত্রে খবৰ, ৰেল লাইন অৱৰোধৰ ফলত বিভিন্ন ৰাজ্যত ৫০টাৰো অধিক ট্রেইন আৱদ্ধ হৈ পৰিছে । একাধিক ট্রেইন বাতিলো কৰা হৈছে ।

‘কৃষক সংগ্রাম সমন্বয় কমিটী’-ৰ তৰফৰ পৰা ঘোষণা কৰা হৈছিল, সোমবাৰে পুৱা ১০টাৰ পৰা আৰম্ভ হ’ব ৰেল অৱৰোধ । সন্ধিয়া চাৰি বজা পর্যন্ত চলিব । কিন্তু পঞ্জাৱ, হৰিয়ানা, ৰাজস্থান আৰু পশ্চিম-উত্তৰপ্রদেশৰ কিছুসংখ্যক অঞ্চলত আগৰ পৰাই অৱৰোধ আৰম্ভ হয় । প্রায় ৪০টা স্থানত ৰেল লাইন অৱৰোধ কৰে কৃষকসকলে । উত্তৰপ্রদেশৰ লখিমপুৰ খেৰিত কৃষক হত্যাৰ বাবে কেন্দ্রীয় গৃহ প্রতিমন্ত্রী অজয় মিশ্রৰ গ্রেপ্তাৰীৰ দাবী উত্থাপন কৰে তেওঁলোকে । লগতে, কৃষি আইন বাতিলৰো দাবী কৰে ।

কৃষক আন্দোলনকাৰীসকলৰ অৱৰোধৰ ফলত পঞ্জাৱৰ ফিৰোজপুৰ-লুধিয়ানা, ফিৰোজপুৰ-ফাজিলিকা শাখাত ৰেল চলাচল বন্ধ কৰি দিয়া হয় । উত্তৰ ৰেলে জনাইছে, ভিৱানি-ৰেৱাৰি, ছিৰছা-ৰেৱাৰি, লোহাৰু-হিছাৰ, ছিৰছা-ভাতিণ্ডাৰ দৰে বেচ কিছু শাখাত অৱৰোধৰ বাবে ট্রেইন চলা নাই । চণ্ডীগড়-ফিৰোজপুৰ এক্সপ্রেছ অৱৰোধত আৱদ্ধ হৈ পৰিছে ।

কৃষকসকলৰ ৰেল অৱৰোধ আন্দোলন ব্যর্থ কৰিবলৈ উত্তৰপ্রদেশত ১৪৪ ধাৰা জাৰি কৰিছিল মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ চৰকাৰে । নির্দেশ অমান্যকাৰীসকলৰ বিৰুদ্ধে ‘ৰাষ্ট্ৰীয় নিৰাপত্তা আইনে’ গোচৰ ৰুজু কৰাৰ সকীয়নিও দিয়া হয় । কিন্তু সেই সকীয়নি অমান্য কৰি সোমবাৰে পুৱা বিভিন্ন অঞ্চলত ৰেললাইনত বহে আন্দোলনকাৰীসকল । কেইজনমানক গ্রেপ্তাৰো কৰে আৰক্ষীয়ে । কৃষক নেতা ৰাকেশ টিকায়তে সোমবাৰে কয়, ‘‘কেন্দ্র‌ই এতিয়াও আমাৰ স’তে কোনো আলোচনা কৰা নাই । আমি দেশবাসীয়ে জনাটো বিচাৰো, কিয় কৃষকসকলে আজি আন্দোলনত নামিছে ।’’

Exit mobile version