Kerala Flood : পানীত বুৰ গৈছে সমগ্ৰ অঞ্চল, তাৰ মাজতেই এখন ব্যতিক্ৰমী বিবাহ

গামলাত বহি বিয়া কৰিবলৈ গ'ল কেৰালাৰ আকাশ-ঐশ্বৰ্য

file7i0q6h4p1zd1mkqtc488 1 1041672 1634563440

পানীত বুৰ গৈছে সমগ্ৰ অঞ্চল । তেনে পৰিস্থিতিতে ৰন্ধন কৰা বৃহৎ এলুমিনিয়ামৰ গামলাত বহি মন্দিৰত বিয়া কৰিবলৈ গ’ল দৰা-কইনা । বান-কবলিত কেৰালাৰ পৰা প্ৰকাশ পোৱা বীভৎস দৃশ্যৰ মাজতেই সংবাদমাধ্যমত বিয়পি পৰিছে আলাপুঝা জিলাৰ থালাভাডি গাঁৱৰ এই ছবি ।

আকাশ আৰু ঐশ্বর্য দুয়োজনেই চেংগান্নুৰৰ এখন হাস্পাতালৰ স্বাস্থ্যকর্মী । তেওঁলোকৰ বিয়াৰ দিন ধাৰ্য্য হৈছিল সোমবাৰে । বিগত তিনিদিন ধৰি কেৰালাৰ কোট্টায়াম, ইদুক্কি আৰু আলাপুঝাসহ একাধিক জিলাত বৃষ্টিপাতৰ ফলত বান পৰিস্থিতিৰ সৃষ্টি হৈছে । দুয়োজনে কয়, ‘‘বহু দিনৰ পাছত আমাৰ বিয়া ঠিক হৈছে । ক’ভিডবিধি মানি কম মানুহ আমন্ত্ৰণ কৰা হৈছে । জানো, প্ৰবল বৰষুণ হৈছে । অতি বেয়া পৰিস্থিতি। কিন্তু তৎস্বত্তেও বিয়া পিছুওৱাব নোৱাৰিলো ।’’

আৰৱ সাগৰত গভীৰ নিম্নচাপৰ ফলত যোৱা শুকুৰবাৰৰ পৰা কেৰালাত তীব্ৰ বৃষ্টিপাত হৈছিল । তাৰ ফলতেই বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে কোট্টায়াম আৰু ইদুক্কিৰ কিছুসংখ্যক ঠাইৰ পৰা ভূমিস্খলনৰ খবৰ পোৱা গৈছে । প্রশাসন সূত্রে খবৰ, প্রাকৃতিক দুর্যোগৰ ফলত কেৰালাত এই পর্যন্ত ২৬ জনৰ মৃত্যু হৈছে । দেওবাৰে নিশা পর্যন্ত কোট্টায়ামত ১৩ জন, ইদুক্কিত নজন আৰু আলাপুঝাত চাৰিজনৰ মৃত্যু হৈছে । বহু লোক সন্ধানহীন ।

অৱশ্যে দেওবাৰৰ পৰা বৰষুণৰ পৰিমাণ কমিবলৈ লৈছে । কিন্তু পৰিমাণ কমিলেও বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্রে খবৰ, সোমবাৰ আৰু মঙলবাৰেও বৰষুণ হ’ব ৰাজ্যৰ কিছুসংখ্যক জিলাত । কিন্তু তীব্রতা কম থাকিব । তৎসত্তেও ৰাজ্যৰ পাঁচ জিলাত ৰঙা সতর্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।

Exit mobile version