জাপানত আছে বিশ্বৰ সবাতোকৈ অধিক বয়সৰ জীৱিত যমজ ভগ্নী

997289 120632185mediaitem120632184

অলপতে জাপানত এহাল যমজ ভগ্নীয়ে এক অভিলেখ ৰচনা কৰিলে। অৱশ্যে এই অভিলেখৰ বাবে দুই ভগ্নীয়ে কোনাে কাম কৰিব লগা নহ’ল। দৰাচলতে বয়সৰ জৰিয়তে বৃদ্ধা ভগ্নীদ্বয়ে এই অভিলেখ ৰচনা কৰিলে।

ADVERTISEMENT

এই যমজ ভগ্নীৰ বৰ্তমানৰ বয়স হৈছে ১০৭বছৰ আৰু এয়াই হৈছে এই বিশ্বৰ এক অভিলেখ। বিশ্বত সবাতােকৈ অধিক বয়স জীয়াই থকা যমজ ভগ্নী হিচাপে গিনীজ ৱর্ল্ড ৰেকৰ্ডৰ স্বীকৃতি লাভ কৰিলে জাপানৰ এই ভগ্নীদ্বয়ে।

জাপানত বয়স্ক নাগৰিকৰ দিন পালনৰ দিনাই গিনীজ ৱৰ্ল্ড ৰেকৰ্ডৰ দ্বাৰা এই স্বীকৃতি লাভ কৰিলে যমজ ভগ্নীদ্বয়ে। বয়ােজ্যেষ্ঠ নাগৰিকসকলক সন্মানিত কৰিবলৈ জাপানত প্রতি বছৰে বৃদ্ধ দিৱস পালন কৰা হয় আৰু উক্ত দিনটো ৰাষ্ট্ৰীয় ছুটীৰ দিন হিচাপে স্বীকৃত।

বিশ্বৰ ভিতৰতে সম্প্রতি জাপানত সর্বাধিক সংখ্যক বয়স্ক লোেক আছে। বিশ্বৰ সবাতােকৈ বয়স্ক লোেকৰ বাসস্থানাে হৈছে জাপান। জাপানীসকলৰ দীর্ঘ জীৱনৰ সন্দৰ্ভত বর্তমানলৈকে বহুত গৱেষণামূলক অধ্যয়ন চলােৱা হৈছে।

এনেবােৰ অধ্যয়নত লাভ কৰা তথ্য অনুসৰি, মূলতঃ সুকীয়া খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ কাৰণতে জাপানীসকলে বিশ্বৰ ভিতৰতে দীঘলীয়া আয়ুস লাভ কৰিবলৈ সক্ষম হৈছে।

Exit mobile version