প্ৰতিদিনে পুৱাই চাৰ্কাছৰ জোকাৰৰ দৰে ৰঙীন পোছাক পিন্ধি আৰু নাক-গালত ৰঙা ৰং সানি ঘৰৰ পৰা ওলাই যায় শীতল আগৰৱালা । প্ৰতিদিনেই তেওঁৰ গন্তব্য স্থান দিল্লীৰ বিভিন্ন হাস্পতাল । এই হাস্পতালসমূহত চিকিৎসাধীন হৈ থকা ৰোগগ্ৰস্ত শিশুসকলক সাক্ষাৎ কৰাৰ বাবেই শীতলৰ এই ব্যস্ততা । এই শিশুসকল তেওঁৰ পৰিচিত নহয় । অথচ শীতলক দেখাৰ লগে লগেই চিকিৎসাধীন হৈ থকা শিশুসকলৰ মুখত হাঁহি ফুটি উঠে । শৰীৰৰ কষ্ট যেন শিশুসকলে পাহৰি যায় । কাৰণ জোকাৰৰ ছদ্মবেশত শীতলে শিশুসকলৰ স’তে ফূৰ্তি-তামাচা আৰম্ভ কৰে । আচলতে এইদৰেই প্ৰতিদিনে বিভিন্ন হাস্পতালত ‘হাঁহি বিক্ৰী’ কৰি আহিছে শীতল আৰু তেওঁৰ সংস্থা ‘ক্লাউনছেলাৰ্ছ’ৰ সদস্যসকলে ।
এই সন্দৰ্ভত শীতলে জনায় যে ‘ক্লাউনছেলিং’ বা ‘মেডিকেল ক্লাউনিং’ হৈছে এক পদ্ধতি, যাৰ মাধ্যমেৰে হাস্পতালত ভৰ্তি হৈ থকা শিশুসকলৰ কষ্ট, মানসিক চাপ দূৰ কৰি তেওঁলোকৰ মুখত হাঁহি বিৰিঙাব পৰা যায় । সেয়ে পেছাত অধ্যাপিকা হোৱা স্বত্ত্বেও দিনটোৰ কিছু নিৰ্দিষ্ট সময় তেওঁ ৰোগগ্ৰস্ত শিশুৰ বাবে ৰাখে ।
এই কামৰ ধাৰণাটো মনলৈ অহাৰ ক্ষেত্ৰতো এক কাহিনী আছে । ২০১৬ত এবাৰ গুৰুতৰভাৱে অসুস্থ হৈ শীতল হাস্পতালত ভৰ্তি হৈছিল । তেতিয়াই এগৰাকী যুৱতীয়ে এইদৰে জোকাৰৰ বেশ ধৰি চিকিৎসাধীন লোকসকলক হঁহুওৱা তেওঁ দেখিছিল । সেই যুৱতীয়েও বিভিন্ন হাস্পতালত উপস্থিত হৈ এই কাম কৰিছিল । যুৱতীগৰাকীৰ কামৰ দ্বাৰা অনুপ্ৰাণিত হৈয়ে সুস্থ হোৱাৰ পাছত শীতলে ‘ক্লাউনছেলাৰ্ছ’ নামৰ সংস্থাটো প্ৰতিষ্ঠা কৰে ।
অৱশ্যে হাস্পতালত উপস্থিত হৈ এনে কাম কৰাৰ বাবে শীতলে দিল্লী চৰকাৰৰ পৰা অনুমতি ল’বলগীয়া হৈছিল । শীতলৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই আন পাঁচজনেও তেওঁৰ সংস্থাত যোগ দিয়ে । তেওঁলোকেই এতিয়া হাস্পতালসমূহত ঘূৰি ঘূৰি সৰু সৰু ল’ৰা-ছোৱালীসমূহৰ মুখত হাঁহি বিৰিঙাই আছে । এইদৰেই অসুস্থ শিশুক সুস্থ কৰি তোলাৰ আন এক পথৰ সন্ধান দিছে শীতল আৰু তেওঁৰ সংস্থাই ।