বেঁকী নৈত সংঘটিত নাও দুৰ্ঘটনাত নিখোজ মহিলাৰ মৃতদেহ উদ্ধাৰ

পৰিয়ালৰ লোকক আৰ্থিক সাহায্যৰ দাবী

WhatsApp Image 2021 10 19 at 5.38.12 PM

বাগসাৰ শালবাৰীৰ খাগ্ৰাবাৰীত বেঁকী নৈত যোৱা ১৬ অক্টোবৰত সংঘটিত হোৱা নাও দুৰ্ঘটনাত নিৰুদিষ্ট এগৰাকী মহিলাৰ মৃতদেহ আজি খাগ্ৰাবাৰীৰ নৈৰ ঘাটত উদ্ধাৰ হয়৷

ADVERTISEMENT

উদ্ধাৰ হোৱা মৃতদেহটো খাগ্ৰাবাৰীৰ জগদেও ৰাম ৰবিদাসৰ পত্নী তথা তিনি সন্তানৰ মাতৃ লক্ষ্মীনী ৰবিদাস(৪৩)ৰ বুলি আৰক্ষী,পৰিয়াল তথা স্থানীয় ৰাইজে চিনাক্ত কৰিছে৷

আজি ৰাতিপুৱাৰ ভাগত নৈপৰীয়া লোকে খাগ্ৰাবাৰী শিৱ মন্দিৰৰ দক্ষিণ দিশত বেঁকী নৈৰ পানীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো৷তাৰ পাছতে গোৱৰ্ধনা আৰক্ষী খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি গোৱৰ্ধনা থানালৈ লৈ যায়৷

ইফালে ৰাজ্যত কে’বাটাও নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতো প্ৰশাসনে শিক্ষা নোলোৱাত আজি ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ৷প্ৰশাসনে নাও চলাচলত নীতি নিয়ম বান্ধি দিয়াৰ দাবী উত্থাপন কৰে উপস্থিত স্থানীয় ৰাইজে৷

বাগসা জিলা অখিল হিন্দীভাষী বিকাশ পৰিষদৰ সভাপতি সন্তোষ গৌড়ৰ লগতে স্থানীয় খাগ্ৰাবাৰী অঞ্চলৰ ৰাইজে ভুক্তভোগী পৰিয়াললৈ চৰকাৰে ২০ লাখ টকা আৰ্থিক সাহায্য প্ৰদানৰ দাবী উত্থাপন কৰে৷ উল্লেখ্য যে যোৱা ১৬ অক্টোবৰত বেঁকী নৈত সংঘটিত হোৱা নাও দুৰ্ঘটনাটোত নজনকৈ লোক আহত হোৱাৰ লগতে পশুধনো মৃত্যুমুখত পৰিছিল৷

Exit mobile version