হঠাৎ মূল্যবৃদ্ধি পিয়াজ-বিলাহীৰ, বৃষ্টিপাতক দায়ী কৰিলে কেন্দ্রই

onion prices 1200

ইন্ধনজাত সামগ্ৰীৰ লগতে দেশত শাক-পাচলিৰ অত্যধিক মূল্যবৃদ্ধিয়ে সাধাৰণ নাগৰিকক আর্থিকভাৱে ভাৰাক্রান্ত কৰিছে। শেহতীয়াভাৱে ভাৰতৰ বজাৰত পিয়াজৰ মূল্য পুনৰ যথেষ্ট বৃদ্ধি পাইছে।

দিল্লী, কলকাতাৰ লগতে দেশৰ আন প্ৰায়বােৰ মহানগৰত প্রতি কিলাে পিয়াজৰ মূল্য সম্প্রতি ৫০ টকাৰ পৰা ৫৫ টকা হৈছে। একে সময়তে বিলাহীৰ মূল্যও উর্ধ্বমুখী হৈছে।

কিছুদিন পূর্বলৈকে প্রতি কিলাে বিলাহীৰ মূল্য সর্বাধিক ৪০ টকা আছিল যদিও বর্তমানে ৬০ টকালৈ বৃদ্ধি পাইছে। ইফালে, খাদ্য তেলৰ মূল্যও ভাৰতৰ বজাৰত ঊর্ধ্বমুখী হৈছে।

প্রতি লিটাৰ মিঠাতেলৰ মূল্য ২১৫ টকাৰ পৰা ২৩০ টকালৈকে বৃদ্ধি পাইছে। কেন্দ্রীয় চৰকাৰে বিলাহী আৰু পিয়াজৰ মূল্যবৃদ্ধিৰ বাবে অত্যধিক বৃষ্টিপাতক জগৰীয়া কৰিলে।

ভাৰতৰ পিয়াজ উৎপাদনৰ মূল কেন্দ্র হিচাপে পৰিচিত মহাৰাষ্ট্ৰত শেহতীয়াভাৱে প্ৰৱল বৃষ্টিপাত হােৱাৰ ফলত কৃষিকার্য ক্ষতিগ্রস্ত হৈছে। কর্ণাটকতাে অত্যধিক বৃষ্টিপাতে পিঁয়াজ খেতিৰ ক্ষতি কৰিছে। পিঁয়াজৰ খুচুৰা বজাৰৰ মূল্য বৃদ্ধি হলেও পিঁয়াজ খেতিয়কে প্রতি কিলাে পিয়াজ ২০-২৫ টকাতে বিক্ৰী কৰিবলৈ বাধ্য হৈছে।

Exit mobile version