চীনে হাইপাৰছনিক ক্ষেপণাস্ত্ৰৰ পৰীক্ষাৰে আমেৰিকাক চমক দিলে। ‘ফাইনেন্সিয়েল টাইমছ’ কাকতৰ বাতৰি অনুসৰি, চীনে শেহতীয়াভাৱে এটা নতুন হাইপাৰছ’নিক ক্ষমতাসম্পন্ন ক্ষেপণাস্ত্ৰৰ পৰীক্ষণ সফলতাৰে সম্পূর্ণ কৰিলে।
ADVERTISEMENT
উল্লেখ্য যে বেইজিঙে যােৱা আগষ্টততা পাৰমাণৱিক ক্ষমতাসম্পন্ন এটা ক্ষেপণাস্ত্ৰৰ পৰীক্ষা চলাইছিল। চীনৰ লগতে আমেৰিকা, ৰাছিয়া আৰু কমেও পাঁচখন আন দেশে সম্প্রতি হাইপাৰছ’নিক প্রযুক্তিৰ ক্ষেপণাস্ত্ৰৰ নিৰ্মাণত ব্যস্ত আছে।
উল্লেখ্য যে হাইপাৰছ’নিক ক্ষেপণাস্ত্ৰই পৰম্পৰাগত বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ দৰেই পাৰ্মাণৱিক অস্ত্র বহন কৰাৰ লগতে শব্দতকৈ পাঁচগুণ অধিক গতিৰে ৰাওনা হ’ব পাৰে।
চীনে শেহতীয়াভাৱে দেশখনৰ যুদ্ধাস্ত্ৰৰ ভাণ্ডাৰ শক্তিশালী কৰিবলৈ হাইপাৰছ’নিক ক্ষেপণাস্ত্র নির্মাণত অগ্রাধিকাৰ দিছে।