পৰিয়ালৰ অমতত বিবাহ সম্পন্ন কৰিছিল কন্যাই। কন্যাৰ এই কার্যত ক্ষুব্ধ পিতৃয়ে দুই কন্যাসহ নিজ পৰিয়ালৰ সাতজন সদস্যক জীৱন্তে অগ্নিসংযােগ কৰি হত্যা কৰিলে।
ADVERTISEMENT
এই মর্মান্তিক ঘটনা সংঘটিত হ’ল পাকিস্তানৰ পঞ্জাৱ প্রদেশত। প্রকাশিত বাতৰি অনুসৰি, অভিযুক্ত মনজুৰ হুছেইনৰ কন্যা ফৌজিয়া বিবিয়ে ২০২০ বৰ্ষত মেহবুব আহমেদৰ স’তে বিবাহ সম্পন্ন কৰিছিল।
কিন্তু কন্যাৰ এই বিবাহক স্বীকৃতি দিয়া নাছিল পিতৃ মনজুৰে। কন্যাৰ বিবাহৰ ঘটনাত অসন্তুষ্ট মনজুৰে অৱশেষত বাসগৃহত অগ্নিসংযােগ কৰি পৰিয়ালৰ সাত সদস্যক হত্যা কৰে।
এই ঘটনাৰ সময়ত জোৱাই মেহবুব আহমেদ ঘৰত নথকাৰ ফলত প্ৰাণৰক্ষা হয়। মনজুৰক এই অপকর্মত ছবিৰ হুছেইন নামৰ আন এজন লােকে সহযােগ কৰিছিল। সম্প্রতি দুয়াে পলাতক।