ৰক্তচাপ আৰু মূৰৰ বিষ

sleep sleeping bed 732x549 thumbnail

হৃদযন্ত্রৰ ধমনী বা আর্টাৰিৰ বেৰৰ সংকোচন-প্রসাৰৰ এটি নির্দিষ্ট ছন্দ থাকে। নির্দিষ্ট মাত্ৰাৰে এই ছন্দ চলি থাকে বাবে বিষয়টোক লৈ বিশেষ গুৰুত্ব প্রদান কৰা নহয়।

ADVERTISEMENT

এই প্রক্রিয়াত যদি ব্যাঘাত জন্মে তেতিয়া ধমনীৰ মাজত থকা বিষ গ্রাহকসমূহ উদ্দীপ্ত হয়। এই উদ্দীপনা কেন্দ্রীয় মস্তিষ্কই লাভ কৰে। ফলত ধমনীৰ মাজত ৰক্তচাপ বৃদ্ধিৰ লগে লগে কেন্দ্রীয় মস্তিষ্কৰ আভ্যন্তৰীণ চাপাে বৃদ্ধি হ’বলৈ ধৰে।

মস্তিষ্কৰ আৱৰক পর্দা বা মেনিনজেছত চাপ পৰিলেই বিষ আৰম্ভ হয়। ৰক্তচাপৰ বাবে হােৱা মূৰৰ বিষ সাধাৰণতে মস্তিষ্কৰ পাছৰ ফালে হয়। এই বিষ কেতিয়াবা বৃদ্ধি পায়, কেতিয়াবা কমে আৰু কেতিয়াবা একেবাৰে নগণ্য থাকে।

এনে হ’লে মূৰৰ বিষৰ সমান্তৰালভাৱে আন কিছুমান উপসর্গয়াে দেখা দিয়ে। মূৰৰ বিষৰ লগে লগে মূৰ ঘূৰােৱা, কাণত ঝিন্ ঝিম্ শব্দ হােৱা, বেছিকৈ শৰীৰৰ পৰা ঘাম ওলােৱা ইত্যাদি হয়।

সেইবাবে ৰক্তচাপৰ সমস্যা আক্রান্তসকলে মূৰৰ বিষ হলে বিষয়টো অৱহেলা নকৰি চিকিৎসকৰ স’তে আললাচনা কৰা উচিত। আধুনিক জীৱন-যাপনত প্ৰায়ভাগ লোেক ব্যস্ত। কোনােৱে ভালদৰে জিৰণি লৈ এসাঁজ খাবলৈ সময় নাই বুলি কলেও ভূল কৰা নহ’ব।

দিনটোৰ বেছিভাগ সময়ে কামৰ চাপৰ মাজত থাকিবলগীয়া হয়। এইদৰে দিনটোৰ পাছৰ ফালে মূৰটো গধুৰ অনুভৱ কৰাৰ লগতে বিষাবলৈ ধৰে। সিমানেই চাপ বৃদ্ধি পায় সিমানেই মূৰৰ বিষৰ তীব্রতাও বৃদ্ধি হয়।

Exit mobile version