অসম নগালেণ্ড সীমান্তৰ লাহৰীজানত চাৰি কোটি টকাৰ হেৰইন জব্দ

আৰক্ষীৰ জালত দুই সৰৱৰাহকাৰী

WhatsApp Image 2021 10 21 at 2.12.50 PM

আৰক্ষীৰ উপৰ্যুপৰি ড্ৰাগছবিৰোধী অভিযানৰ পাছতো দৌৰাত্ম্য হ্ৰাস পোৱা নাই ড্ৰাগছ সৰৱৰাহকাৰী ৷ বিশেষকৈ সৰৱৰাহৰ অভিকেন্দ্ৰ মণিপুৰৰ পৰা নিয়মীয়াকৈ ড্ৰাগছ সৰৱৰাহ হৈ থকা স্পষ্ট হৈ পৰিছে ৷

বুধবাৰে নিশা মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী এ.আৰ২০-২৭০০ নম্বৰৰ এখন নৈশ বাছৰ পৰা কাৰ্বি আংলংৰ লাহৰীজান পহৰাদাৰী চকীৰ আৰক্ষীয়ে জব্দ কৰা আন্তৰাষ্ট্ৰীয় বজাৰ মূল্যত চাৰি কোটি টকাৰ নিষিদ্ধ হেৰইন ৷

আৰক্ষীৰ সুত্ৰ অনুসৰি, ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত লাহৰীজান পহৰাদাৰ চকীৰ সমুখত চলা নিয়মীয়া তালাচীত এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি উদ্ধাৰ হয় ৷

৪৮ টা চাবোনৰ বাকছত ভৰাই অনা হেৰইনখিনিৰ ওজন আছিল ৫৮৪ গ্ৰাম ৷ আৰক্ষীয়ে বাছখনৰ পৰা দুই সৰৱৰাহকাৰী মণিপুৰৰ পশ্চিম ইম্ফলৰ ইৰেংবাম ক’কিল আৰু ইৰেংবাম বাবু সিংক আটক কৰে ৷ ধৃত দুই সৰৱৰাহকাৰীক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে

Exit mobile version