Indian Army : মুহূর্ততে ধ্বংস শত্রুৰ-টেংক, চীন সীমান্তত ভাৰতীয় সেনাৰ পৰীক্ষণৰ ভিডিঅ’ প্রকাশ্যত

ANI 20211020147 0 1634743987588 1634744023142

মুহূৰ্তত শত্রুৰ টেংক ধ্বংস কৰিব পাৰে এই ক্ষেপণাস্ত্র‌ই । অৰুণাচল প্রদেশত চীনৰ সীমান্তৰ কাষত টাৱাং ছেক্টৰত সেই ক্ষেপণাস্ত্রৰ পৰীক্ষণ কৰিলে ভাৰতীয় সেনা বাহিনীয়ে । সংবাদ সংস্থাই প্রকাশ কৰিছে এই পৰীক্ষণৰ ভিডিঅ’ ।

ভিডিঅ’ত দেখা গৈছে, কেনেদৰে অস্ত্র সজ্জিত, যুদ্ধৰ বাবে প্রস্তুত জোৱানসকলে পাহাৰৰ ওপৰত তৈয়াৰী বাংকাৰত স্থান অধিগ্ৰহণ কৰিছে । যি দলে শত্রুৰ অৱস্থানৰ দিশে ধ্যান ৰাখিছে, তাৰ পৰা যেনে ধৰণৰ নির্দেশ আহিছে, সেই অনুসাৰে দ্রুত ক্ষেপণাস্ত্র প্রস্তুত কৰি লৈছে তেওঁলোকে ।

অস্ত্র প্রয়োগৰ পাছত পুনৰ অঞ্চলটোৰ পৰা আঁতৰি আহিছে তেওঁলোক । দ্রুত, কিছু ছেকেণ্ডৰ ভিতৰতে পুনৰ এই টেংক ধ্বংসকাৰী ক্ষেপণাস্ত্র লৈ তেওঁলোক আঁতৰি গৈছে অন্য এটা স্থানত যাতে শত্রুপক্ষৰ তৰফৰ ওলোটাই আক্ৰমণ কৰিলে ক্ষতি নহয় । এই সম্পূৰ্ণ পৰীক্ষণে ধৰা পৰিছে ভিডিঅ’ত । সেনাই জনাইছে, ক্ষেপণাস্ত্র এৰাৰ পাছত নজৰদাৰীত থকা জোৱানসকলে খবৰ দিয়ে যে নিশ্চিত স্থানত ক্ষেপণাস্ত্র গৈছে নে নাই । সেই বিষয়ে সেনাৰ খবৰ পালেই তেওঁলোকে অৱস্থান পৰিৱর্তন কৰে ।

Exit mobile version