সোণৰ বিনিয়োগত দুৱাৰ মুকলি কৰি পাঁচদিনীয়াকৈ বিক্ৰী হ’ব স্বৰ্ণ ঋণ পত্ৰ

গ'ল্ড বণ্ডঃ ঘোষণা কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ৰ

2021 05 14T021154Z 1 LYNXMPEH4D027 RTROPTP 3 GLOBAL PRECIOUS 1621002737237 1634827570178

সোণত বিনিয়োগৰ বৃহৎ সুযোগ মুকলি কৰি আগন্তুক দীপাৱলীৰ পূৰ্বে ২৫ অক্টোবৰৰ পৰা বিক্ৰী হ’ব স্বৰ্ণ ঋণ পত্ৰ । কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ৰ বিবৃতিত প্ৰকাশ যে ২৫ৰ পৰা ২৯ অক্টোবৰৰ ভিতৰত এই ঋণ পত্ৰ বিক্ৰী কৰা হ’ব । ২০২২ৰ মাৰ্চ পৰ্যন্ত চাৰিটা পৰ্যায়ত এই বিক্ৰী কৰা হ’ব ।

ভাৰতত ইতিমধ্যে ঋণ পত্ৰ সোণ ক্ৰয়ৰ পৰা লাভ কৰা সুবিধাসমূহ কাগজৰ সোণতে সকলোখিনি পোৱা যায় । কিছু ক্ষেত্ৰত ওপৰঞ্চি সুবিধাও লাভ কৰে ‌গ্ৰাহকে । একে সময়তে সুৰক্ষা নিশ্চিত থাকে । যিসকলে সোণ কিনিব বিচাৰে অথচ ভাবে যে গহনা কিনিলে কেতিয়াবা পৰিধান কৰাৰ বাহিৰে এনেয়ে পৰি থাকে, নিৰাপদে ৰখাৰ সমস্যাও আছে, সেইসকলৰ বাবে এই পদ্ধতি অতি উপযোগী । এই গ’ল্ড বণ্ড বা ঋণ পত্ৰ ক্ৰয়ত সোণৰ ওজনৰ সমানে মূল্য পৰিশোধ কৰিব লাগিব । ভাৰতীয় নাগৰিক তথা সংস্থাৰ বাবেহে কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰকল্প ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰ ক্ষমতালৈ অহাৰ পাছতে এই বণ্ড বিক্ৰীৰ সিদ্ধান্ত লয় । ২০১৫ৰ নৱেম্বৰত আৰম্ভ হয় ইয়াৰ বিক্ৰী । বছৰি ইয়াৰ বাবদ ২.৫০ শতাংশ হাৰত সুত লাভ কৰিব পাৰিব । আঠ বছৰৰ বাবে ক্ৰয় কৰিব লাগে এই ঋণ পত্ৰ । অৱশ্যে গ্ৰাহকে বিচাৰিলে পাঁচ বছৰৰ পাছত বিক্ৰী কৰি ধন আদায় কৰি ল’ব পাৰে ।

সম্প্ৰতি এই ঋণ পত্ৰ ক্ৰয়ৰ ক্ষেত্ৰত ডিজিটেল মাধ্যমৰ আশ্ৰয় লোৱা হ’ব । ডিজিটেল মাধ্যমত ক্ৰয় কৰিলে প্ৰতিগ্ৰাম সোণত ৫০ টকাকৈ লাভ কৰিব গ্ৰাহকে । এজন লোকে এটা বিত্তীয় বৰ্ষত সৰ্বোচ্চ চাৰি কিলো সোণ ক্ৰয় কৰিব পাৰিব এজন গ্ৰাহকে । কোনো নিধি অথবা সংস্থাই সৰ্বাধিক ২০ কিলো পৰ্যন্ত সোণৰ বণ্ড ক্ৰয় কৰিব পাৰিব ।

Exit mobile version