Covid-19 Vaccine : দেশৰ সাতটা কৰ’না টিকা নির্মাতা সংস্থাৰ স’তে বৈঠকত মিলিত হ’ব প্রধানমন্ত্রী মোদী

1379e3ee 3186 11ec 901b e0eb6ffe225f 1634754861663

দেশৰ সাতটা ক’ভিড-১৯ টিকা নির্মাতা সংস্থাৰ স’তে বৈঠকত মিলিত হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদী । সংবাদ সংস্থা পিটিআই-য়ে জনাইছে, শনিবাৰৰ এই বৈঠকত কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডবীয় আৰু স্বাস্থ্য প্রতিমন্ত্রী ভাৰতী প্রবীণ পৱাৰে এই বৈঠকত উপস্থিত থাকিব পাৰে বুলি প্রকাশিত খবৰত জনাইছে ।

প্ৰধানমন্ত্ৰী মোদীৰ বৈঠকত টিকা নির্মাতা সংস্থা ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া (ক’ভিশিল্ড), ভাৰত বায়’টেক লিমিটেড (ক’ভেক্সিন), জাইডাছ কেডিলা (জাইক’ভ-ডি), বায়’লজিকেল ই (কোর্বেভেক্স), জেন’ভা বায়’ফার্মা (এইচজিচি ০১৯), পেনাচিয়া বায়’টেক (স্পুটনিক-ভি) আৰু ডক্টৰ ৰেড্ডি’ছ লেবৰেটৰিজ-ৰ প্রতিনিধিসকল উপস্থিত থাকিব । দেশত কৰ’না টিকাকৰণ অভিযানত গতি অনা আৰু পর্যালোচনাৰ লক্ষ্যৰেই এই বৈঠক বুলি স্বাস্থ্য মন্ত্রণালয়ৰ সূত্রে খবৰ ।

বৃহস্পতিবাৰে ১০০ কোটি কৰ’না টিকা ব্যৱহাৰৰ মাইলখুটি অতিক্রম কৰিছে ভাৰতে । চীনৰ পাছত বিশ্বৰ দ্বিতীয় দেশ হিচাপে ভাৰতে এই কৃতিত্ব অর্জন কৰিলে । প্রধানমন্ত্রী মোদীৰ দাবী, ভাৰতত ন মাহৰ টিকাকৰণ অভিযানৰ এই সাফল্য কৰ’নাৰ বিৰুদ্ধে যুঁজত এটা বৃহৎ পদক্ষেপ । দেশত কৰ’নাভাইৰাছৰ টিকাকৰণ সংক্রান্ত পেনেলৰ প্রধান এন কে অৰোৰাই জনাইছে আগন্তুক তিনিৰ পৰা চাৰি মাহৰ ভিতৰত কেন্দ্র‌ই দেশবাসীক আৰু ১০০ কোটি টিকা দিব পাৰিব ।

Exit mobile version