বিগত ২৪ ঘণ্টাত ৰাছিয়াত হেজাৰৰো (১,০৭৫) অধিক লোকৰ কৰ’নাত আক্রান্ত মৃত্যু হৈছে । পৰিস্থিতি উদ্বেগজনক হোৱাৰ বাবে আগন্তুক সপ্তাহৰ পৰা দেশজুৰি ক’ভিড বিধিনিষেধ আৰম্ভ কৰিছে প্রশাসনে । পৰিসংখ্যা অনুসৰি, ইউৰোপৰ দেশবোৰৰ ভিতৰত ৰাছিয়াতেই ক’ভিডত আক্রান্তৰ সংখ্যা সর্বাধিক । অথচ তাতেই টিকাকৰণৰ হাৰ আটাইতকৈ কম । ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনৰ বহু আবেদন আৰু দেশত প্ৰস্তুত স্পুটনিক-ভি টিকাৰ পর্যাপ্ত যোগান থকা সত্ত্বেও ৰাছিয়াৰ জনসংখ্যাৰ মাত্র ৩৬ শতাংশৰ টিকাকৰণ সম্পূর্ণ হৈছে ।
আগন্তুক সপ্তাহৰ পৰাই কঠোৰ বিধিনিষেধ জাৰি কৰিছে পুতিন প্রশাসনে । মস্কোত ২৮ অক্টোবৰৰ পৰা সাত নৱেম্বৰ পর্যন্ত জৰুৰী পৰিষেৱাৰ বাহিৰে সকলো বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে । অক্টোবৰৰ ৩০ তাৰিখৰ পৰা এসপ্তাহ নাগৰিকসকলক সবেতন ছুটি দিয়া হ’ব ।
কালি ব্রিটেইনত ক’ভিডত আক্রান্ত হৈ এহেজাৰ জনৰো অধিক হাস্পাতালত ভর্তি হৈছে । ইয়াৰ পাছতেই তৎপৰ হৈছে বৰিছ জনছন প্রশাসন । শংকা, উত্তৰোত্তৰ পৰিস্থিতিৰ যদি এনেদৰেই অৱনতি হৈ থাকে, তেনেহ’লে এইবাৰো বৰদিনৰ সময়ত তলাবন্ধ কার্যকৰী হ’ব পাৰে ৰাছিয়াত ।
ইপিনে, ২৬ অক্টোবৰৰ পৰা ভাৰত, বাংলাদেশ, ম্যনমাৰ, নেপাল, পাকিস্তান আৰু শ্রীলংকাৰ পৰা ৰাছিয়াত পর্যটকসকলৰ প্রৱেশত নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে ছিংগাপুৰে । কিন্তু, এই দেশবোৰৰ পৰা ছিংগাপুৰ গ’লে ১৪ দিনৰ বাবে কোৱাৰেণ্টাইনত থাকিব লাগিব বুলি জনাইছে প্রশাসনে ।