Diabetes : ডায়েবেটিছ ৰোগৰ বাবে কৃত্ৰিম চেনি কিমান নিৰাপদ 

diabetes

এইখিনিতে উল্লেখ কৰিব লাগিব যে কৃত্ৰিম চেনি খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবই লাগে । কাৰণ এনে চেনি খোৱাটো কিছুমান বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে ।

গৰ্ভাৱস্থাত খাওতে সাৱধান 

গৰ্ভধাৰণৰ পাছত প্ৰতিগৰাকী মহিলাই সাৱধান হ’ব লাগিব । কিয়নো এই সময়ত যদি পুষ্টিকৰ আহাৰ গ্ৰহণ নকৰে তেতিয়াহ’লে ভ্ৰূণৰ বিকাশ সঠিকভাৱে নহ’ব । ফলত ভৱিষ্যতে এটা সুস্থ শিশুৰ আশা কৰিব নোৱাৰি ।

ডায়েবেটিছত আক্ৰান্ত মহিলাগৰাকী অধিক সতৰ্ক হ’বই লাগিব । চিকিৎসকৰ পৰামৰ্শ অবিহনে যিকোনো খাদ্য নোখোৱাটোৱে মংগলজনক । গৱেষকসকলে কৃত্ৰিম চেনি বা ছুইটনাৰ খোৱাৰ ক্ষেত্ৰত শতৰ্ক বাণী শুনাইছে । গৰ্ভৱতী মহিলাৰ বাবে কৃত্ৰিম চেনি নিৰাপদ নহয় বুলি গৱেষকসকলে মন্তব্য কৰিছে । গৰ্ভৱতী মহিলাই কৃত্ৰিম চেনি বুলিয়েই নহয় কৃত্ৰিম মিঠাই আদিও খোৱাৰ পৰা আঁতৰি থকাটোৱে মংগলজনক ।

নিৰ্দিষ্ট পৰিমাণতকৈ বেছি নহয় 

কৃত্ৰিম চেনি আদি নিৰ্দিষ্ট পৰিমাণতকৈ কেতিয়াও বেছি খাব নালাগে । টেবলেট, পাউডাৰ আদিৰ আকাৰত থকা কৃত্ৰিম চেনিৰ কণ্টেইনাৰত থকা লেবেলত যি পৰিমাণে দিনটোৰ ভিতৰত খাব পাৰি বুলি লিখা থাকে তাতকৈ সামান্য পৰিমাণেও বেছি খাব নালাগে । সকলোবোৰ প্ৰস্তুতকৰ্তাৰ পৰিমাণ একে নহয় । কিছুমানৰ কমকৈ দিলেও মিঠা হয় । খোলাৰ সময়ত সতৰ্কতা অৱলম্বন কৰিব‌ই লাগিব । কিছুমান কৃত্ৰিম চেনি খাদ্যবস্তু প্ৰস্তুত কৰাৰ সময়ত ব্যৱহাৰ কৰা হয় । আনহাতে, কিছুমান চেনি খাদ্য প্ৰস্তুত হোৱাৰ পাছত ওপৰত ছটিয়াই দিয়া হয় । এই বিষয়ে ভালদৰে জানি লোৱাটো মংগলজনক ।

বেছিকৈ খালে হ’ব পাৰে বিপদ

কৃত্ৰিম চেনি বেছিকৈ খালে শৰীৰত কেলৰিৰ পৰিমাণ বৃদ্ধি পাব । কেলৰি বৃদ্ধি মানেই ডায়েবেটিছত আক্ৰান্তৰ বাবে বিপদ ঘণ্টা । তদুপৰি যিকোনো খাদ্যৰে প্ৰভাৱ পৰে লিভাৰ বা যকৃতৰ ওপৰত । গৱেষকসকলে কৰা মন্তব্য অনুসৰি, দীৰ্ঘদিন ধৰি এনে চেনি ব্যৱহাৰ কৰাৰ ফলত লিভাৰৰো ক্ষতি হোৱাৰ আশংকা থাকে ।

কেলৰিৰ পৰিমাণ বেছি হ’ব নালাগে

এগৰাকী সুস্থ ব্যক্তিক দৈনন্দিন কাৰ্য পৰিচালনাৰ বাবে প্ৰয়োজন নিৰ্দিষ্ট পৰিমাণৰ কেলৰিৰ । এই পৰিমাণ কম বেছি হোৱা মানেই বিপদ । সাধাৰণতে কেলৰি গ্ৰহণ বিষয়টো নিৰ্ভৰ কৰে লোকজনৰ দৈনন্দিন কৰ্মপদ্ধত্তিৰ ওপৰত । এজন কঠোৰ পৰিশ্ৰম কৰা লোকৰ বাবে যিমান কেলৰি দৈনিক প্ৰয়োজন, আন এজন কম পৰিশ্ৰম কৰা লোকক কমকৈ লাগিব । কিছুমান লোকে দিনৰ দিনটো বহি থাকিও কামত ব্যস্ত হৈ দীৰ্ঘসময় পৰিশ্ৰম কৰে । বিশেষকৈ কম্পিউটাৰ, লিখা-মেলা কৰা লোকসকলে দীৰ্ঘসময় ধৰি একে ঠাইতে বহি থাকি পাছত আকৌ নিশা দুপৰত টোপনি যায় এনে ধৰণৰ পৰিশ্ৰমৰ ক্ষেত্ৰত বেছি কেলৰিৰ প্ৰয়োজন নহয় ।

এজন সুস্থ ব্যক্তিৰ বাবে দৈনিক ১৬০০-১৭০০ কিলো কেলৰিৰ প্ৰয়োজন। আনহাতে, মেদবহুল লোকৰ বাবে ১২০০ কিলো কেলৰিয়ে যথেষ্ট । যদি ডায়েবেটিছত আক্ৰান্ত ব্যক্তি এজনে শৰ্কৰা নিয়ন্ত্ৰণত থকাৰ পাছত এদিন এটা মিঠাই খাই তেতিয়াহ’লে তেওঁ ভাত বা ৰুটি কমকৈ খাব লাগিব । অৰ্থাৎ এবিধ খোৱাৰ বাবে আনবিধ কম পৰিমাণে খালে শৰীৰত কেলৰিৰ পৰিমাণ নিয়ন্ত্ৰণত থাকিব । সেইবাবে কৃত্ৰিম চেনি বা মিঠাইৰ ক্ষেত্ৰতো সকলোৱে সাৱধান হ’ব লাগিব ।

কিছুমানে আকৌ কৃত্ৰিম চেনি খোৱাৰ মাজতে চেনি বা সৰল শৰ্কৰাও খায় । ফলত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পায় । মনত ৰখা উচিত যে শৰ্কৰা এদিনতে বৃদ্ধি পায় যদিও সেই পৰিমাণৰ শৰ্কৰাকে নিয়ন্ত্ৰণ কৰিবৰলৈ কে’বাদিনৰ প্ৰয়োজন হয় ।

Exit mobile version