5 Rupees Mata Vaishno Devi Coin : পাঁচ টকাত লাখপতি !

1624264184 vaishno devi 1

আপোনাৰ ওচৰতো আছে নেকি বৈষ্ণোদেৱীৰ ছবিৰে খোদিত কৰা পাঁচ টকা বা ১০ টকাৰ মুদ্ৰা ? যদি আছে, আপুনিও এবাৰ কৰিব পাৰিব আপোনাৰ ভাগ্য পৰীক্ষা ।

ADVERTISEMENT

এটা অনলাইন বিকিকিনিৰ ৱেবছাইটত প’ষ্ট কৰা এটা বিজ্ঞাপনত দেখা গৈছে যে এনে ধৰণৰ ভাৰতীয় মুদ্ৰা লক্ষাধিক টকাত বিক্ৰী কৰিছে কোনো কোনো বিক্ৰেতাই ।

বিক্ৰেতাসকলে কে’বাটাও ক্ষেত্ৰত মুদ্ৰাৰ মূল্য ১০ লাখ টকা ধার্য কৰিছে । ইয়াৰ পৰা, অনুমান কৰা হৈছে যে মুদ্ৰা সংগ্ৰাহকৰ পৃথিৱীত এনে মুদ্ৰাৰ যথেষ্ট চাহিদা আছে ।

মুদ্ৰাটোৰ বিশেষত্ববোৰ হৈছে মুদ্ৰাটোৰ বিপৰীত ফালে খোদিত অষ্টভূজা বৈষ্ণোদেৱীৰ ছবি । শ্ৰী মাতা বৈষ্ণোদেৱী শ্ৰাইন বোৰ্ড ইংৰাজীত লিখা আৰু কাষত হিন্দী ফণ্ট ।

২০১২ত, বৈষ্ণোদেৱী শ্ৰাইন বোৰ্ডৰ ২৫ তম বাৰ্ষিকীত, ৰিজাৰ্ভ বেংকে মুদ্ৰাটো মুকলি কৰে । পাঁচ আৰু ১০ টকাৰ মুদ্ৰাৰ সেই বিশেষ সংস্কৰণটো মুকলি কৰা হৈছিল ।

বিশেষজ্ঞসকলে কৈছে যে বৈষ্ণোদেৱীৰ ছবিৰে খোদিত মুদ্ৰাটো বহুতে ভাগ্যৰ প্ৰতীক বুলি গণ্য কৰে আৰু সংগ্ৰহত ৰাখিব বিচাৰে । সম্ভৱতঃ সেইকাৰণেই অনলাইন বিকিকিনি ৱেবছাইটত মুদ্ৰাৰ মূল্য লাখ লাখ টকা ।

বৈষ্ণোদেৱী হৈছে পুৰাণত সৰস্বতী, লক্ষ্মী আৰু পাৰ্বতীৰ একত্ৰিত ৰূপ । তেওঁক ভাগ্যৰ প্ৰতীক হিচাপেও কল্পনা কৰা হয় । বিশেষজ্ঞসকলে বিশ্বাস কৰে যে পৌৰাণিক কাহিনীৰ এই বৰ্ণনাত মানুহৰ বিশ্বাসে মুদ্ৰাৰ চাহিদাও বৃদ্ধি কৰিব পাৰে।

গতিকে যদি আপোনাৰ এই মুদ্ৰাটো আছে, আপুনি ইয়াৰ এখন ফটো লৈ ইয়াক ৱেবছাইটত প’ষ্ট কৰিব পাৰে ।

Exit mobile version