পত্নীক পুৰুষে দিলে প্ৰতিষেধক,ইৰানৰ ৰাজ্যপালক চৰিয়ালে এই ব্যক্তিয়ে

211023212135 iranian governor slapped 1023 super tease

উত্তৰ-পশ্চিম ইৰানৰ অজৰৰেইজান প্রদেশৰ নতুন ৰাজ্যপাল অবেদিন খৌৰেমেক মঞ্চতে চৰিয়াই আক্রমণ কৰিলে এজন ব্যক্তিয়ে।

ADVERTISEMENT

যােৱা শনিবাৰে ৰাজ্যপালনে শপতগ্ৰহণ কৰাৰ সময়তে হঠাতে এজন লােকে মঞ্চত প্ৰৱেশ কৰি খৌমেক আক্রমণ কৰিছিল।

ইৰানৰ চৰকাৰী টেলিভিছনৰ প্রতিবেদন অনুসৰি, আক্ৰমণকাৰী ব্যক্তিজনৰ পত্নীক মহিলাৰ পৰিৱর্তে পুৰুষ চিকিৎসা কর্মীয়ে ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান কৰিছিল আৰু এই ঘটনাত উক্ত ব্যক্তিয়ে চৰম ক্ষোভ প্রকাশ কৰি নৱ নিযুক্ত ৰাজ্যপালক মঞ্চতে চৰ শােধায়।

এই ঘটনাৰ ভিডিঅ’ ফুটেজ সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈছে। খৌৰেমে শপগ্ৰহণৰ পাছত ভাষণ দিবলৈ মঞ্চত সাজু হােৱাৰ সময়তে এজন অজ্ঞাত ব্যক্তিয়ে মঞ্চত উঠি তেওঁক চৰ মাৰিছিল।

এই ঘটনাৰ কিছু সময়ৰ পাছত খৌৰেমে পুনৰ মঞ্চত ভাষণ আৰম্ভ কৰি কয়, ‘মই যেতিয়া ছিৰিয়াত আছিলাে, তেতিয়া মােক প্রতিদিনে ১০ বাৰকৈ মাৰপিট কৰিছিল। ১০ বাৰতকৈ অধিক তেওঁলােকে মােৰ শিৰত বন্দুক ৰাখিছিল। মই আক্রমণকাৰীক শত্রু গণ্য কৰিলেও তেওঁলােকক সদায় মাফ কৰি দিও।’

Exit mobile version