কেতিয়াবা ভুলতে নিজৰ ব্ৰাছ বুলি আন কোনাে লােকে ব্যৱহাৰ কৰে। এইটো জানি থােৱা ভাল যে এজনে ব্যৱহাৰ কৰা ব্ৰাছ যদি আন এজনে পুনৰ ব্যৱহাৰ কৰে তেতিয়াহ’লে সমস্যাই গা কৰি উঠিব পাৰে।
পুৱাই বিছনা ত্যাগ কৰাৰ পাছত সকলােৱে হাতত তুলি লয় টুথ ব্রাছ। কাৰণ দাঁত দুপাৰি যদি সুস্থ হৈ নাথাকে তেতিয়াহ’লে খােৱাৰ পৰা আৰম্ভ কৰি ৰােগ প্রতিবােধলৈকে সকলাে প্রক্রিয়াত ব্যাঘাত জন্মে। বহুতে কিন্তু এডাল ব্রাছকে কে’বা মাহ আনকি বছৰ ধৰি ব্যৱহাৰ কৰে। এনে কৰাৰ ফলত ৰােগ হােৱাৰ আশংকা থাকে ।আমেৰিকাৰ চেণ্টাৰ ফ’ৰ ডিজিজ প্রিভেনচন এণ্ড কন্ট্র’লৰ পৰামর্শ অনুসৰি তিনি চাৰিমাহৰ অন্তৰে অন্তৰে ব্ৰাছ সলনি কৰিব লাগে।
◆ টুথ ব্রাছ ডাল যদি ব্যৱহাৰৰ লগে লগে বেঁকা হ’বলৈ ধৰে তেতিয়াহ’লে তেনেধৰণৰ ব্ৰাছ ব্যৱহাৰ নকৰাটোৱে মংগলজনক।
◆আজি কালি বৈদ্যুতিন টুথ ব্রাছ ব্যৱহাৰ কৰা লােকৰ সংখ্যাও বৃদ্ধি পাইছে। এনে ব্রাছ ব্যৱহাৰকাৰীয়ে প্রতি তিনি মাহৰ অন্তৰত ইয়াৰ ওপৰ-অংশ সলনি কৰা উচিত।
◆যদিহে শৰীৰত কোনাে সংক্রমণ হৈছে তেতিয়াহ’লে তেনেধৰণৰ অসুখৰ পৰা উপশমৰ পাছত ব্ৰাছ সলনি কৰিব লাগে। কাৰণ পুৰণা ব্রাছত সংক্ৰমণকাৰী উৎস থাকিব পাৰে। যিমানেই সংক্রমণৰ চিকিৎসা দীঘলীয়া হয় সিমানেই সােনকালে সলনি কৰা উচিত।
◆শেহতীয়াভাৱে গৱেষকসকলে এই বুলি মন্তব্য কৰিছে যে জুৰত আক্রান্ত হলে উপশমৰ পাছত ব্ৰাছ সলনি কৰিব লাগে। কাৰণ এই সময়তাে ব্রাছত বেক্টেৰিয়া আদিয়ে বাহ ল’ব পাৰে।
◆কেতিয়াবা ভুলতে নিজৰ ব্ৰাছ বুলি আন কোনাে লােকে ব্যৱহাৰ কৰে। এইটো জানি থােৱা ভাল যে এজনে ব্যৱহাৰ কৰা ব্ৰাছ যদি আন এজনে পুনৰ ব্যৱহাৰ কৰে তেতিয়াহলে সমস্যাই গা কৰি উঠিব পাৰে।