প্রচুৰ পৰিমাণে পানী খালে মূত্রথলী প্রস্রাৱৰে পৰিপূর্ণ হয়। যিমানেই প্রস্রাৱৰ পৰিমাণ বৃদ্ধি পায় সিমানেই টোপনিত ব্যাঘাত জন্মে। ফলত যিমান সময় বিশ্রাম ল’ম বুলি ভাবিছিল সিমান সময় জিৰণি ল’ব নােৱৰাত পৰােক্ষভাৱে শৰীৰৰ ওপৰতে প্ৰভাৱ পৰে। প্ৰতিগৰাকী ব্যক্তিৰে জিৰণিৰ বাবে নির্দিষ্ট সময়ৰ প্রয়ােজন।
টোপনিৰ আগে আগে বহুতেই প্ৰচুৰ পৰিমাণে পানী খায়’। বিশেষকৈ নিশাৰ ভাগত বিছনালৈ যােৱাৰ পূর্বে পানী খােৱাটো প্ৰায়ভাগ লােকৰেই অভ্যাস। পিছে শােৱাৰ আগে আগে নিশা-প্ৰচুৰ পৰিমাণে পানী খােৱাৰ ফলতাে বিভিন্ন সমস্যাই গা কৰি উঠিব পাৰে। নিশা শােৱাৰ আগতে প্ৰচুৰ পৰিমাণে পানী খালে আনকি বিপদৰ কাৰণাে হ’ব পাৰে বুলি বিশেষজ্ঞসকলে মতপােষণ কৰিছে।
★যেতিয়া মানুহে বিশ্রাম লয় বা নিশা শােৱাৰ পূর্বে প্রচুৰ পৰিমাণে পানী খালে ইয়াৰ প্ৰভাৱ পৰােক্ষভাৱে কিডনী বা বৃক্কত পৰে। যিমানেই বেছি পানী খাব চাপাে সিমানেই বৃদ্ধি হ’ব। সদায় একেদৰে চাপ পৰাৰ ফলত ভৱিষ্যতে সমস্যাই গা কৰি উঠাৰ আশংকা থাকে। জিৰণিৰ সময়ত কিডনীয়ে লাহে লাহে কার্য সম্পাদন কৰে। সেয়েহে পানী খাওঁতে এই বিষয়সমূহত সদায় গুৰুত্ব প্রদান কৰা উচিত। কেতিয়াবা এদিন বা দুদিন খালে বিশেষ ক্ষতি নহয় যদিও ই অভ্যাসত পৰিণত হ’লে ভৱিষ্যতে বিপদৰ আশংকাও বৃদ্ধি পায়।
★প্ৰচুৰ পৰিমাণে পানী খালে মূত্রথলী প্রস্রাৱৰে পৰিপূর্ণ হয়। যিমানেই প্ৰস্ৰাৱৰ পৰিমাণ বৃদ্ধি পায় সিমানেই টোপনিত ব্যাঘাত জন্মে। ফলত যিমান সময় বিশ্রাম লম বুলি ভাবিছিল সিমান সময় জিৰণি ল’ব নােৱৰাত পৰােক্ষভাৱে শৰীৰৰ ওপৰতে প্ৰভাৱ পৰে ।প্ৰতিগৰাকী ব্যক্তিৰে জিৰণিৰ বাবে নির্দিষ্ট সময়ৰ প্রয়ােজন। কাৰণ জিৰণি ল’লেহে অংগ-প্রত্যংগসমূহে নিজৰ নিজৰ কর্তব্য সম্পাদন কৰিব পাৰে।
★কিছুমান লােকৰ হাত ভৰি ফুলি উঠাৰ সমস্যাই গা কৰি উঠে। যদিহে পানী খােৱাৰ ফলত হাত-ভৰি ফুলিছে তেতিয়াহ’লে চিকিৎসকৰ পৰামর্শ গ্রহণ কৰা উচিত।