ভুলতে গাড়ীখন স্পর্শ কৰিলেও ভৰিব লাগিব লাখ টকা

হীৰাখচিত ৩৬ কোটিটকীয়া মার্সিডিজত ঘূৰে ছৌদি আৰৱৰ যুৱৰাজে

diamond ring no car

বিলাসী জীৱন যাপনৰ বাবে ছৌদি আৰৱৰ যুৱৰাজ আল-ৱালিদ বিশ্বজুৰি পৰিচিত। ৱালিদ এজন ব্যৱসায়ী আৰু বিনিয়ােগকাৰীও। বেইটৰ পাইনউড কলেজত অধ্যয়নৰ পাছত ৰিয়াধৰ এখন সৈনিক স্কুলত তেওঁ ভর্তি হৈছিল।

ইয়াৰ পাছত কেলিফ’র্ণিয়াৰ মেনল’ কলেজৰ পৰা বিজনেছ এডমিনিষ্ট্রেন বিষয়ত তেওঁ স্নাতক ডিগ্রী গ্রহণ কৰিছিল। পাছত নিউ য়ৰ্কৰ ছাইৰাকুছ বিশ্ববিদ্যালয়ৰ পৰা ৱালিদে সমাজ বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্রী অর্জন কৰিছিল।

উচ্চ শিক্ষিত এইজন আৰৱৰ যুৱৰাজে অতি বিলাসী জীৱন অতিবাহিত কৰি আহিছে। কেৱল ছৌদি আৰৱতে ৱালিদৰ তিনিটাকৈ বিশাল প্রাসাদোপম বাসগৃহ আছে। অৱশ্যে মধ্য ৰিয়াধৰ প্রাসাদতাে সৰহসময় ৱালিদে অতিবাহিত কৰি আহিছে।

এই প্রাসাদত কমেও ৩১৭ টা কোঠা আছে। বিশাল অট্টালিটাটো নিৰ্মাণৰ বাবে ১৩ কোটি ডলাৰ ব্যয় কৰা হৈছিল। ৱালিদে বিদেশ ভ্রমণ কৰিলে ব্যক্তিগত বিমান ব্যৱহাৰ কৰে।

আকাশপথত ভ্ৰমণৰ বাবে ৱালিদৰ যিদৰে নিজা বিমান আছে, একেদৰে জলপথত যাতায়াতৰ বাবেও আছে অতি বিলাসী ব্যক্তিগত জাহাজ। এইখন জাহাজ নির্মাণৰ বাবে ৫০ কোটি ডলাৰ অর্থাৎ ভাৰতীয় মূল্যত তিনি হেজাৰ ৭৭৫ কোটি টকা ব্যয় কৰা হৈছিল।

আনহাতে, ৱালিদৰ সংগ্ৰহত আছে কমেও ২০০ খন অতি বিলাসী বহুমূলীয়া গাড়ী। ৰ’লছ ৰয়েছ, লেম্বৰঘিনি, ফেৰাৰীৰ দৰে অতি দামী গাড়ী ব্যৱহাৰ কৰে এইজন ছৌদি যুৱৰাজে। ৱালিৰ সংগ্ৰহত থকা গাড়ীৰ মাজত হীৰাখচিত মার্চিডিজ গাড়ীও আছে।

এইখন গাড়ীত কমেও তিনি লাখ হীৰা ব্যৱহাৰ কৰা হৈছে। ১৩ জনবিশেষজ্ঞই মার্চিডিজ গাড়ীখনক দুসপ্তাহত হীৰাৰে সজাই-পৰাই তুলিছিল। মার্সিডিজ এছ এল ৬০০ মডেলৰ এইখন গাড়ীৰ মূল্য ৪৮ লাখ ডলাৰ অর্থাৎ ভাৰতীয় মুদ্রাত প্রায় ৩৬ কোটি ২৪ লাখ টকা।

ছৌদি আৰৱত এনে এক কথাও প্রচলিত যে ৱালিৰ এই বিলাসী গাড়ীখন কোনাে ব্যক্তিয়ে ভুলতে এবাৰ স্পৰ্শ কৰিলেও কে’বা লাখ টকাৰ ক্ষতিপূৰণ ভৰিব লাগিব। ২০০৭ত ডুবাইত এক প্রদর্শনীত মার্সিডিজৰ ৫০ সংখ্যক জন্মদিন উপলক্ষে এছ এল ৬০০ মডেলৰ গাড়ীখন প্রদর্শন কৰা হৈছিল।

ইয়াৰ পাছতে এই গাড়ীখন ক্রয় কৰিছিল ৱালিদে। সম্পূর্ণ হীৰাৰে খচিত হােৱা হেতুকে পােহৰ পৰিলেই জিলিকি উঠে মার্চিডিজখন। এই বিলাসী গাড়ীত উঠিয়ে ৱালিদে সকলােকে চমক দি আহিছে। কেৱল বিলাসী জীৱন যাপন কৰাই নহয়, ৱালিদে সমাজসেৱামূলক কাম-কাজতাে জড়িত হৈ আহিছে।

আলৱালিদ ফিলানথ্র’ফিছ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে ছৌদি যুৱৰাজে প্রতিষ্ঠা কৰিছে। এই সংগঠনৰ উদ্দেশ্যে হৈছে আৰবৰ মহিলা আৰু যুৱ সমাজক আত্মনিৰ্ভৰ কৰি তােলা। এই সংস্থাৰ বাবে ৱালিদে বর্তমানলৈকে ৩৫০ কোটি ডলাৰ ব্যয় কৰিছে।

Exit mobile version