মুম্বাইৰ ৰেস্তোৰাঁত ২৪ কেৰেট খাদ্যস্বর্ণৰে তৈয়াৰ কৰিলে দুই কিলােগ্রামৰ বাহুবলী ম’ম’, মূল্য ১২৯৯ টকা

mumbai 2 kg bahubali gold momos g

ময়দাৰ সৰু ৰুটিৰ মাজত শাক-পাচলি, মাংস আদি ভৰাই ভাপত তৈয়াৰ কৰা মম’ এতিয়া বহুতৰে অতি প্রিয় খাদ্য। সৰু-ডাঙৰ সকলাে বয়সৰ লােকে ম’ম’ খাবলৈ ভাল পায়।

ম’ম’ৰ স’তে পৰিৱেশন কৰা হয় চাটনি আৰু চুপ। মুঠতে সিদ্ধ খাদ্যৰ তালিকাত এতিয়া ম’ম’ৰ এক সুকীয়া স্থান আছে। অনেকে অৱশ্যে ফ্লাইড ম’ম’ও খাবলৈ পছন্দ কৰে।

এইবিধ অতি জনপ্রিয় চীনামূলীয় খাদ্য এতিয়া আমাৰ ৰাজ্যতাে পদপথৰ বিপণীৰ পৰা নামী-দামী ৰেস্তোৰাঁত উপলব্ধ। বিয়লি বেলাৰ জলপান বা তৎকালীন আহাৰ হিচাপে ম’ম’ সকলোৰে প্রিয়।

ম’ম’ এক মুখৰৰাচক খাদ্য হােৱাৰ লগতে ই সুস্বাস্থ্যকৰ আৰু প্ৰটিন-ভিটামিনৰে ভৰপূৰ এবিধ ফাষ্টফুড। নানা ব্যঞ্জনৰে ম’ম’ তৈয়াৰ কৰা হয়। চকলেট ম’ম’ও মাজতে ফাষ্টফুড হিচাপে জনপ্রিয় হৈছিল।

এইবাৰ বজাৰত ভুমুকি মাৰিলে বাহুবলী ম’ম’ই। সােণৰে মেৰিয়াই থােৱা। বাহুবলী ম’ম’ আকাৰত যথেষ্ট ডাঙৰ। ইতিমধ্যে সামাজিক মাধ্যমত এই বাহুবলী ম’ম’ জনপ্রিয় হৈছে।

কেৱল আকাৰত ডাঙৰ হােৱাই নহয়, এই বাহুবলী ম’ম’ত আছে ২৪ কেৰেটৰ সােণ। মুম্বাইৰ এখন ৰেস্তোৰাঁত সম্প্রতি এনে বাহুবলী মম’ গ্রাহকক পৰিবেশন কৰা হৈছে।

দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাইত আছে মেচি আজ্ঞা কাফে নামৰ এখন নামী ৰেস্তোৰাঁ। বাহুবলী মম’ৰ সােৱাদ ল’ব বিচাৰিলে মুম্বাইৰ এইখন ৰেস্তোৰালৈ যাব লাগিব।

বিশাল আকাৰৰ ম’ম’ৰ স’তে পৰিৱেশন কৰা হয় বিভিন্ন স্বাদৰ চাটনি, ম’জিট’ আৰু চক’লেট ম’ম’। দিশা নামৰ এগৰাকী ফুড ব্লগাৰে বাহুবলী মম’ৰ এক ভিডিঅ’ নিজৰ হােৱাট এ ফুডি গার্ল’ নামৰ টুইটাৰ হেণ্ডলত শ্বেয়াৰ কৰিছে।

কেপচনত দিশাই এইদৰে লিখিছে ভাৰততে এয়ে প্রথম বিশাল আকাৰৰ ম’ম’। ইয়াৰ ওজন দুই কিলােগ্রাম। এই ম’ম’ চবজি, ম’জাৰেলা পনীৰ আৰু ২৪ কেটে স্বর্ণৰে তৈয়াৰ কৰা হৈছে।

এই বিশাল আকাৰৰ ম’ম’ তিনিধি চছসহ ৰেস্তোৰাঁত পৰিৱেশন কৰা হয়। এবিধ মায়’ ডীপ, কমলা চাটনি আৰু পুদিনা ম’জিট’ৰ স’তে এই ম’ম’ৰ সােৱাদ ল’ব পাৰিব।

সামাজিক মাধ্যমত এই বিশাল ম’ম’ৰ ভিডিঅ’ ১০ লাখৰাে অধিক লােকে দর্শন কৰিছে। ম’ম’প্রেমীসকলে এইবিধ বিশাল ম’ম’ৰ প্রতি বিশেষ আকর্ষণ প্রকাশ কৰিছে। আপুনি নিশ্চয় ভাবিছে স্বর্ণখচিত এই প্রকাণ্ড ম’ম’ৰ দাম কিমান হ’ব পাৰে।

চিন্তা নকৰিব, স্বর্ণ সমৃদ্ধ হলেও দুই কিলােগ্রাম প্রতিটো মম’ৰ মূল্য হৈছে ১২৯৯ টকাহে। অৱশ্যে এজন ব্যক্তিয়ে অকলে এটা ম’ম’ খােৱাটো সহজ নহ’ব। পৰিয়ালৰ বাবে অর্ডাৰ দি এই ম’ম’ৰ সােৱাদ সকলােৱে একেলগে ল’ব পাৰিব।

Exit mobile version